কামৰূপ মহানগৰত ই ভি এম ৰেণ্ডমাইজেশ্যন প্ৰক্ৰিয়া সম্পন্ন


গুৱাহাটী,৬ এপ্ৰিলঃ আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয় সভাকক্ষত আজি জিলাখনৰ নিৰ্বাচন এলেকাৰ বাবে ই ভি এম মেনেজমেন্ট ছফটৱেৰত ই ভি এম আৰু ভি ভি  পেটৰ প্ৰথমটো ৰেণ্ডমাইজেশ্যন কাৰ্যসূচী অনুষ্ঠিত হয়। মহানগৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া সুমিত ছাত্তাৱনে সদৰি কৰা মতে  গুৱাহাটী সংসদীয় সমষ্টিৰ ৩৩ নং দিশপুৰ ,৩৪ নং ডিমৰীয়া, ৩৫ নং নিউ গুৱাহাটী, ৩৬ নং গুৱাহাটী চেণ্ট্ৰেল, ৩৭ নং জালুকবাৰীৰ বাবে ই ভি এমসমূহ ভাগ কৰি দিয়া হৈছে। এতিয়ালৈকে প্ৰতিটো বিধানসভা সমষ্টিত ২৬ শতাংশ বেলট ইউনিট, ২৬ শতাংশ কন্ট্ৰ'ল ইউনিট আৰু ৪০ শতাংশ ভি ভি পেট  অতিৰিক্তভাৱে সংৰক্ষণ কৰা  হৈছে। আজিৰ এই  অনুষ্ঠানত নিৰ্বাচন বিষয়া শেখৰণ ফুকন, ছুইপ ৰ ন'ডেল বিষয়া ভাস্কৰ পেগু, ই ভি এম কোষৰ ন'ডেল বিষয়া প্ৰিয়াংশু ভৰদ্বাজ তথা বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিকে আদি কৰি সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment