গুৱাহাটী,৭ এপ্ৰিলঃ সুৰা কেলেংকাৰীৰ তদন্তৰ নামত বিজেপি চৰকাৰে আম আদমি পাৰ্টীৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কাৰাৰুদ্ধ কৰাৰ পিছতে মধুমেহ ৰোগৰ বাবে তেওঁৰ ওজন যথেষ্ট হ্ৰাস পোৱাত আম আদমি পাৰ্টীৰ প্ৰতিজন সদস্য উদ্বেগ হৈ পৰিছে। কেজৰিৱালৰ সুস্বাস্থ্যৰ বাবে সমগ্ৰ দেশৰ লগতে আজি অসমতো সমূহীয়া উপবাস তথা অনশন কাৰ্যসূচী পালন কৰা হয়। গুৱাহাটীৰ চচলস্থিত প্ৰতিবাদস্থলীত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা সমূহীয়া উপবাসত আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীকে ধৰি দলীয় নেতা-কৰ্মীসকলে অংশ গ্ৰহণ কৰে। ইফালে অসমৰ প্ৰতিখন জিলা আৰু সমষ্টিতো এই অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। দলীয় নেতা-কৰ্মী সকলে উপবাস থাকি অৰবিন্দ কেজৰিৱালৰ সুস্বাস্থ্যৰ কামনা কৰাৰ লগতে বিজেপি চৰকাৰৰ ৰাজনৈতিক ষড়যন্ত্রৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে।
অৰবিন্দ কেজৰিৱালৰ সুস্বাস্থ্যৰ বাবে গুৱাহাটীৰ চচলত সমূহীয়া উপবাস আপৰ

0 Comments:
Post a Comment