জীৱন জীৱন মিছন : নিম্নমানৰ কামৰ বাবে পাইপ লাইন ফাটি ব্যাহত পানী যোগান ব্যাহত


লখিমপুৰ,১ মে' : কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি জলজীৱন মিচনৰ অধীনত ৰূপায়ণ কৰা পানী যোগান আঁচনিসমূহৰ একাংশ আঁচনিৰ নিম্নমানৰ কাম-কাজে জনসাধাৰণক চিন্তিত কৰি তুলিছে৷ এই আঁচনিসমূহ ৰূপায়ণৰ দায়িত্বত থকা একাংশ ঠিকাদাৰে নিম্ন মানৰ কামেৰে আঁচনি নিৰ্মাণৰ কাম সামৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰীৰ কৃপাত কোটি কোটি টকা সৰকাই নিয়াৰ তথ্য পোহৰলৈ আহিছে৷ অলপতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লক্ষীমপুৰ সংমণ্ডলৰ অধীনস্থ উত্তৰ লক্ষীমপুৰ নগৰৰ সমীপৱৰ্তী চুকুলিভৰীয়াত নিৰ্মাণ কৰা আৰু বত্তৰ্মান কাৰ্যক্ষম জলজীৱন আঁচনিখনত নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ বিভাগীয় বিষয়া কৰ্মচাৰীৰ কৃপাত নিম্নমানৰ কাম কৰিয়েই ১ কোটি ২ লাখ ৪৮১ টকা  সৰকাই নিয়ে৷ স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত সাংবাদিকৰ চৰজমিন তদন্তত এই কথা পোহৰলৈ আহিছে৷ ঠিকাদাৰগৰাকীয়ে পাইপ লাইনবোৰ বিভাগীয় নিৰ্দেশনা অনুসৰি ৩ ফুট গভীৰতাত পুতিব লাগে যদিও তেনে নকৰি মাটিৰ সামান্য গভীৰতাত পাইপসমূহ স্থাপন কৰে৷ বৰ্তমান আঁচনিখনৰ জৰিয়তে পানী যোগান চলি থকাৰ মাজতে অলপতে চুকুলিভৰীয়া পথেৰে এখন টেক্টৰ পাৰহৈ যাওতেই উক্ত পথৰ দাঁতিত থকা পাইপ ফাটি যোৱাত বিগত প্ৰায় ১০ দিন ধৰি উক্ত এলেকাত পানী যোগান ব্যাহত থাকে৷ অৱশেষত মেৰামতি কৰি দিয়াতহে স্থানীয় লোকসকলে পানী লাভ কৰা বুলি জানিব পৰা গৈছে৷ এনেদৰে পালমৰা কামেৰে চৰকাৰৰ অভিলাষী আঁচনিৰ ধন আত্মসাৎ কৰাক লৈ স্থানীয় লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে এনে এটা বিয়াগোম বিভাগৰ অভিযন্তা বিষয়া কৰ্মচাৰী থকাৰ পিছতো কেনেকৈ নিম্ন  মানৰ কামেৰে কোটি টকা সৰকাই নিলে সেইলৈ প্ৰশ্নৰ অৱতাৰণা হৈছে।

 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment