চি এল পি এবাকাচ চেম্পিয়নশ্বিপত লখিমপুৰৰ শিক্ষাৰ্থীৰ সাফল্য


লখিমপুৰ,১ মে': গুৱাহাটী কমাৰ্চ কলেজত সদৌ অসম ভিত্তিত যোৱা ২৮ এপ্ৰিলত "জোনাকী পখিলাৰ সন্ধানত" নামেৰে অনুষ্ঠিত হোৱা চি এল পি এবেকাচ চেম্পিয়নশ্বিপত চি এল পি এবেকাচ লখিমপুৰ কেন্দ্ৰৰ শিক্ষাৰ্থীৰ দলটিয়ে যোৱা দুবছৰৰ দৰে এই বছৰো সাফল্যৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয়। এইবছৰ বিভিন্ন শিতানত মুঠ ১৪টা পুৰষ্কাৰ লাভ কৰে। এবেকাচৰ Level 1-ৰ চেম্পিয়ন  হয় ৰেহেনা অমৰাহ বেগম, Level 2ৰ  চেম্পিয়ন হয় স্বপ্নাদ্বীপ শইকীয়া, Level 5ৰ ৰানাৰচ আপ যশনিল শইকীয়া, ৰাষ্ট্ৰীয় পৰ্যায়ৰ হস্তাক্ষৰ প্ৰতিযোগিতাত প্ৰথম স্থানত ক্ৰিষ্টিনা বৰা, চিত্রাঙ্কণ প্ৰতিযোগিতাত ৰানাৰচ আপ দৃষ্টি দাস, ৰেম্প ৱাকৰ ৰানাৰ্ছ আপ, আৰাধ্য লাহন আৰু সদৌ অসম চি এল পি এবেকাচ চেম্পিয়ন টিম হিচাপে পুৰস্কৃত হয় লখিমপুৰ চেণ্টাৰ। প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰশিক্ষকৰ বঁটা লাভ কৰে প্ৰাঞ্জল শইকীয়াই। তদুপৰি বিভিন্ন শিতানত কেইবাগৰাকী শিক্ষাৰ্থীয়ে পদক লাভ কৰি কেন্দ্ৰটি লৈ সুনাম কঢ়িয়াই আনিছে। এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ ২৬ টা কেন্দ্ৰৰ প্ৰায় তিনি শতাধিক শিক্ষাৰ্থীয়ে যোগদান কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment