বাংগালোৰত ইছৰ'ৰ মুখ্য কাৰ্যালয় ভ্ৰমণ বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ
নিউজ ডেক্স,১৪ মে' : ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ')ৰ বাংগালুৰস্থিত মুখ্য কাৰ্যালয় 'অন্তৰীক্ষ ভৱন'ত আজি ইছৰ'ৰ অধ্যক্ষ তথা ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ সচিব শ্ৰীধৰা পানিকৰ সুমনাথৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্ত। আলোচনাকালত ইছৰ'ই গুৱাহাটীৰ সমীপৱৰ্তী চন্দ্ৰপুৰত স্থাপন কৰিবলৈ লোৱা 'নেটৱৰ্ক অব্ স্পেচ অবজেক্ট ট্ৰেকিং এণ্ড এনালাইছীছ' (নেত্ৰ) প্ৰকল্প সন্দৰ্ভত বিশেষ ভাৱে চৰ্চা কৰা হয়। এই আলোচনাত অসম বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ (এছটেক)ৰ সঞ্চালক ড০ জয়দীপ বৰুৱা, অসম ৰাজ্যিক মহাকাশ প্ৰয়োগ কেন্দ্ৰ (এচ্ছাক)ৰ সঞ্চালক তথা বিজ্ঞান-প্ৰযুক্তিবিদ্যা বিভাগৰ বিশেষ সচিব পি এল এন ৰাজু আৰু এন এইচ এমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীও উপস্থিত থাকে। উল্লেখ্য যে, মহাকাশৰ পৰা দেখা দিব পৰা প্ৰত্যাহ্বানৰ আশংকা দিনে দিনে বৃদ্ধি পাই অহাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ মহাকাশ সম্পদৰাজি সুৰক্ষিত কৰাৰ লগতে দেশৰ অন্তৰীক্ষ বিষয়ক কাম-কাজ সুৰক্ষিত আৰু বহনক্ষম ৰূপত আগবঢ়াই নিয়াত সহায়ক হোৱাকৈ ইছৰ'য়ে বিশেষ ভাৱে 'মহাকাশ পৰিস্থিতি সজাগতা' (স্পেচ ছিটুৱেচন এৱাৰনেছ বা এছএছএ) প্ৰণালী ইতিমধ্যে কাৰ্যকৰী কৰিছে। বাংলোৰৰ পীন্যাত অৱস্থিত 'ইছৰ' টেলিমেট্ৰী, ট্ৰেকিং এণ্ড ক'মাণ্ড নেটৱৰ্ক' (ইছট্ৰেক)ৰ চৌহদতে থকা ইছৰ'ৰ এই মহাকাশ পৰিস্থিতি সজাগতা প্ৰণালীৰ মূল নিয়ন্ত্ৰণ কক্ষ (ইছৰ'এছএছএ কণ্ট্ৰোল ৰোম) 'নেত্ৰ'ৰ পৰা এই মহত্বপূৰ্ণ মহাকাশ সুৰক্ষা বিষয়ক কাৰ্যপ্ৰণাৰী পৰিচালিত হৈ আহিছে। মহাকাশৰ বস্তুৰ ওপৰত সঠিক ভাৱে নজৰ ৰখাকে ধৰি অন্তৰীক্ষৰ পৰিস্থিতিৰ নিৰন্তৰ নীৰিক্ষণ আৰু বিশ্লেষণৰ উদ্দেশ্যে ইছৰ'ই কাৰ্যকৰী কৰা এই গুৰুত্বপূৰ্ণ 'মহাকাশ পৰিস্থিতি সজাগতা' কাৰ্য প্ৰণালীৰে অংশ হিচাপে ভাৰত চৰকাৰৰ মহাকাশ গৱেষণা সংস্থাটোৱে অমত দেশৰ ভিতৰতে প্ৰথমটো 'নেত্ৰ' প্ৰকল্পৰ কেন্দ্ৰ স্থাপন কৰিবলৈ সাজু হৈছে। ইছৰ'ৰ এই 'নেত্ৰ' কেন্দ্ৰৰ বাবে অসম চৰকাৰে ইতিমধ্যে চন্দ্ৰপুৰত ২০০ বিঘা মাটি ইছৰ'ক আৱণ্টন দিয়াৰ বিষয়ে আজিৰ আলোচনাকালত ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী মহন্তই ইছৰ'ৰ অধ্যক্ষগৰাকীক অৱগত কৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নেত্ৰ কেন্দ্ৰটোৰ নিৰ্মাণকাৰ্যত প্ৰয়োজনীয় সকলো ধৰণৰ সহযোগিতা আগবঢ়াবলৈ অসম চৰকাৰ সাজু থকা বুলিও জানিবলৈ দিয়ে। আলোচনাকালতে মন্ত্ৰী মহন্তই অসমৰ যোগ্যতাসম্পন্ন প্ৰাৰ্থীয়েও এনে মহাকাশ নিৰীক্ষণ প্ৰকল্পত সংস্থাপন পাব পৰাকৈ কাৰিকৰী অভিজ্ঞতা লাভৰ বাবে ইছৰ'ৰ তৰফৰ পৰা সুযোগ দিবলৈ জনোৱা অনুৰোধত সঁহাৰি জনাই ইছৰ'ৰ মূৰব্বী সোমনাথে অসমৰ আগ্ৰহী যুৱক-যুৱতীৰ বাবে এবছৰীয়া পাঠ্যক্ৰমৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।উল্লেখ্য যে, মহাকাশৰ পৰা দেখা দিব পৰা ভাবুকি নিৰসনৰ লগতে ৰাষ্ট্ৰীয় মহাকাশ সম্পদৰাজিৰ সুৰক্ষাৰ দিশত অতি মহত্বপূৰ্ণ ভূমিকা ল'ব লগা চন্দ্ৰপুৰৰ নেত্ৰ প্ৰকল্প কেন্দ্ৰত ইছৰ'ই সংস্থাপন কৰিব লগা অত্যাধুনিক 'ফেজ্ড আৰে' ৰাডাৰ'-ৰ জৰিয়তে ভূপৃষ্ঠৰ পৰা মহাকাশৰ ২০০০ কিলোমিটাৰ পৰ্যন্ত দূৰত্বত উদ্ভৱ হোৱা ন্যূনতম ১০ ছেণ্টিমিটাৰ আকাৰৰ মহাকাশীয় বস্তুও ধৰা পেলাব পৰা যাব। ইফালে, ইছৰ'ৰ অধ্যক্ষৰে হোৱা আজিৰ আলোচনাকালত অসমত ইছৰ'ৰ এটা আঞ্চলিক কেন্দ্ৰ স্থাপনৰ বাবেও অসম চৰকাৰৰ হৈ অনুৰোধ জনায় মন্ত্ৰী মহন্তই। এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যা আৰু জলবায়ু বিভাগৰ ফালৰ পৰা ইতিমধ্যে ইছৰ'লৈ এটা আনুষ্ঠানিক প্ৰস্তাৱো আগবঢ়োৱা হৈছে। ইছৰ'ৰ কেন্দ্ৰ স্থাপনৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়াবলৈ সাজু থকা বুলি ইছৰ'ৰ অধ্যক্ষগৰাকীক মন্ত্ৰী মহন্তই আশ্বস্ত কৰে। পাছত মন্ত্ৰী মহন্তই ইছৰ'ৰ মুখ্য কাৰ্যালয় চৌহদ পৰিদৰ্শন কৰাৰ উপৰি পীন্যাত থকা 'ইছৰ' টেলিমেট্ৰী, ট্ৰেকিং এণ্ড ক'মাণ্ড নেটৱৰ্ক'ৰ অভিযান পৰিচালনা চৌহদ 'মক্স ইছট্ৰেক'লৈ গে নেট্ৰ নিয়ন্ত্ৰণ কক্ষও দৰ্শন কৰে। বিয়লিৰ ভাগত মন্ত্ৰী মহন্তই এছটেকৰ সঞ্চালক ড০ জয়দীপ বৰুৱা আৰু এচ্ছাকৰ সঞ্চালক পিএলএন ৰাজুৰ সৈতে ৰামনগৰ জিলাৰ ব্যালালুস্থিত ইছৰ'ৰ 'ইণ্ডিয়া দীপ স্পেচ নেটৱৰ্ক' (আইডিএছএন)ও পৰিদৰ্শন কৰে। ভাৰতৰ চন্দ্ৰ অভিযান, মঙ্গলযান আদিৰ দৰে আন্তঃ গ্ৰহীয় মহাকাশ অভিযানত ইছৰ'ই ব্যৱহাৰ কৰা মহাকাশ যানৰ নিয়ন্ত্ৰণৰ লগতে অভিযানৰ যোগাযোগ ব্যৱস্থাত সহায়-সমৰ্থন প্ৰদানৰ ক্ষেত্ৰত ব্যালালুৰ এই আইডিএছএনৰ অতি উচ্চস্তৰীয় আন্তঃগাঠনিয়ে মূল ভূমিকা গ্ৰহণ কৰি আহিছে।

0 Comments:
Post a Comment