অসমৰ ৯৮ শিক্ষাৰ্থীক বাংগালোৰলৈ নিলে ৰাজ্য চৰকাৰে



 

নিউজ ডেক্স,১৬ মে' :  'মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান' আঁচনিৰ প্ৰথম পৰ্যায়ত নিৰ্বাচিত ৰাজ্যৰ ৯৮ গৰাকী শিক্ষাৰ্থীক কৰ্ণাটকৰ বাংগালোৰত অতি উচ্চস্তৰীয় বৈজ্ঞানিক প্ৰতিষ্ঠান তথা গৱেষণাগাৰ দৰ্শনৰ সুবিধা আগবঢ়াইছে ৰাজ্য চৰকাৰে। অসমৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক বৈজ্ঞানিক চিন্তা-ধাৰাৰ প্ৰতি আগ্ৰহী কৰাৰ লগতে নৱপ্ৰজন্মৰ মাজত বিজ্ঞানমনস্কৰ বাতাৱৰণক উদগণি যোগোৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিবৰ্তন বিভাগে কাৰ্যৰূপায়ন কৰা এই বিজ্ঞান-উদগণিমূলক আঁচনিখনৰ প্ৰথমটো বৰ্ষত নিৰ্বাচিত শিক্ষাৰ্থীৰ এই বৃহৎ দলটোক 'অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ (এছটেক)ৰ উদ্যোগত ১২ মে'ত বাংগালোৰলৈ নিয়া হয়। কৰ্ণাটক ৰাজ্যিক বিজ্ঞান প্ৰযুক্তি পৰিষদৰ সহযোগত এছটেকে অসমৰ এই উদীয়মান বিজ্ঞান প্ৰতিভাধৰ শিক্ষাৰ্থীসকলৰ বাবে ১৩ মে'ৰ পৰা১৭ মে'লৈ পাঁচদিনীয়া 'বাংগালোৰ বিজ্ঞান দৰ্শন' শীৰ্ষক কাৰ্যসূচীৰ আয়োজন কৰিছে। এছটেকৰ বিজ্ঞানী তথা বিষয়াৰ তত্বাৱধানত যোৱা ছাত্ৰ-ছাত্ৰীৰ দলটোৱে ১২ মে'ৰ নিশাৰ পৰাই বাংগালোৰস্থিত 'ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান' (ইণ্ডিয়ান ইন্সটিটিউট অব্ ছায়েন্স' বা আইআইএছচি)ত বাহৰ পাতি আন্তঃৰাষ্ট্ৰীয় সুখ্যাতি থকা দেশৰ এই সবাতোকৈ সন্মানীয় বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানটোৰ গুৰুত্বপূৰ্ণ বৈজ্ঞানিক বিভাগসমূহ দৰ্শন কৰাৰ লগতে দেশৰ বহুকেইগৰাকী প্ৰসিদ্ধ বিজ্ঞানী-গৱেষকৰ সৈতেও আলাপৰ সুযোগ পাইছে। বাংগালোৰ ভ্ৰমণকাৰী অসমৰ ছাত্ৰ-ছাত্ৰীসকলে বিগত চাৰিটা দিনত 'বাংগালোৰ বিজ্ঞান দৰ্শন কাৰ্যসূচী'ৰ অধীনত 'ইণ্ডিয়ান ইন্সটিটিউট অব্ ছায়েন্স'ৰ অতি উচ্চ পৰ্যায়ৰ গৱেষণা শাখাসমূহৰ অন্যতম 'চেণ্টাৰ ফ'ৰ ব্ৰেইন ৰিছাৰ্চ', 'ছুপাৰকম্পিউটাৰ এডুকেচন এণ্ড ৰিছাৰ্চ চেণ্টাৰ', 'চূণ্টাৰ ফ'ৰ ছাছটেইনেবল টেকন'লজিজ', 'ইন্স্ট্ৰুমেণ্টেচন এণ্ড এপ্লাইড ফিজিক্স', 'চেণ্ট্ৰে এনিমেল ফেচিলিটী', 'আন্দাৰ গ্ৰেজুয়েট  ষ্টাডীজ'ৰ লগতে কৰ্ণাটক ৰাজ্যিক বিজ্ঞান প্ৰযুক্তি পৰিষদৰ চৌহদো দৰ্শন কৰাৰ লগতে আইআইএছচিৰ গৱেষক-বিজ্ঞানীসহ দেশৰ প্ৰসিদ্ধ বিজ্ঞানীসকলৰ সৈতে প্ৰতিদিনেই একাধিক আলোচনা সত্ৰ তথা মতবিনিময় অনুষ্ঠানত মিলিত হোৱাৰ অনন্য সুযোগ আৰু অভিজ্ঞতা লাভ কৰিছে। শিক্ষাৰ্থীসকলে আইআইএছচিৰ উপৰি বাংগালোৰত অৱস্থিত হিন্দুস্তান এৰ'নটিকছ লিমিটেডৰ ঐতিহ্য কেন্দ্ৰ তথা এৰ'স্পেচ সংগ্ৰহালয় (এইচএএল হেৰিটেজ চেণ্টাৰ এণ্ড এৰ'স্পেচ মিউজিয়াম), বৰষুণৰ পানী সংৰক্ষণ তথা ভূগৰ্ভস্থ পানীৰ স্তৰ সংবৰ্দ্ধন বিষয়ক অত্যাধুনিক প্ৰযুক্তিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ গৱেষণা তথা প্ৰায়োগিক কেন্দ্ৰ 'ছাৰ এম ভি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং থীম পাৰ্ক', সুৰ আৰু অত্যাধুনিক আলোকসজ্জা সংমিশ্ৰিত কলা প্ৰদৰ্শনৰ অগ্ৰণী কেন্দ্ৰ 'ইন্দিৰা গান্ধী মিউজিকেল ফাউণ্টেইন' আৰু ইছৰ'ৰ 'ইউ আৰ ৰাও ছেটেলাইট চেণ্টাৰ' ইতিমধ্যে দৰ্শন কৰিছে। বাংগালোৰৰ নাতিদূৰৰ পীন্যাত অৱস্থিত এই ইউ আৰ ৰাও ছেটেলাইট চেণ্টাৰ হৈছে কৃত্ৰিম উপগ্ৰহ নিৰ্মাণৰ লগতে কৃত্ৰিম উপগ্ৰহ বিষয়ক অন্যান্য সংলগ্ন প্ৰযুক্তিৰ বিকাশৰ দিশটো তদাৰকাৰী ইছৰ'ৰ প্ৰধানতম কেন্দ্ৰ। আজি তেওঁলোকে বাংগালোৰত থকা  ভাৰত চৰকাৰৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনৰ 'জৱাহৰলাল নেহৰু চেণ্টাৰ ফ'ৰ এডভান্সড ছায়েন্টিফিক ৰিছাৰ্চ', কেন্দ্ৰীয় নব্য আৰু পুনৰনবীকৃত শক্তি মন্ত্ৰালয়ৰ অধীনৰ 'মহাত্মা গান্ধী ইন্সটিটিউট অব্ ৰুৰেল এনাৰ্জী এণ্ড ডেভেলপমেণ্ট', কৰ্ণাটক চৰকাৰৰ 'ছায়েন্স গেলাৰী' দৰ্শনৰ লগতে এই বিজ্ঞান প্ৰতিষ্ঠানকেইটাৰ জ্যেষ্ঠ বিজ্ঞানীৰ সৈতেও মতবিনিময় কৰে। কাইলৈ অন্তিম দিনা বাংগালোৰ ভ্ৰমণকাৰী অসমৰ শিক্ষাৰ্থীসকলক জৱাহৰলাল নেহৰু তাৰকাগৃহ, কৰ্ণাটক বিধানসভা, বাংগালোৰ উচ্চ ন্যায়ালয় আৰু দেশৰ স্কুলীয়া শিক্ষা বিষয়ক মহত্বপূৰ্ণ গৱেষণা সংস্থা 'প্ৰয়োগা এডুকেচন ৰিছাৰ্চ অৰ্গেনাইজেচন' দৰ্শন কৰোৱা হ'ব। ইফালে, মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিৰ অধীনত নিৰ্বাচিত প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এছটেকে বাংগালোৰত আয়োজন কৰা বিজ্ঞান দৰ্শন কাৰ্যসূচীৰ প্ৰথম তিনিটা দিনৰ বিভিন্ন দিশ বাংগালোৰত বাহৰ পাতি পৰ্যবেক্ষণ কৰে ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰী কেশৱ মহন্তই। এছটেকৰ সঞ্চালক ড০ জয়দীপ বৰুৱা, অসম ৰাজ্যিক মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ সঞ্চালক তথা বিজ্ঞান-প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ বিশেষ সচিব পিএলএন ৰাজুক লগত লৈ বিভাগীয় মন্ত্ৰীগৰাকীয়ে বাংগালোৰৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ 'ইন্স্ট্ৰুমেণ্টেচন এণ্ড এপ্লাইড ফিজিক্স' শাখাৰ আলোচনা সভাঘৰত ভ্ৰমণকাৰী ছাত্ৰ-ছাত্ৰীৰ দলটোৰ সৈতে এখন বৈঠকতো মিলিত হয়। মন্ত্ৰী মহন্তই শিক্ষাৰ্থীসকলৰ লগত মতবিনিময় কৰি উৎসাহ যোগোৱাৰ লগতে বাংগালোৰ ভ্ৰমণকালত কোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি, সেই বিষয়ে খা-খবৰ লয়। অসমৰ শিক্ষাৰ্থীসকলৰ এই বাংগালোৰ বিজ্ঞান দৰ্শন কাৰ্যসূচীৰ কাইলৈ সন্ধিয়া সামৰণি পৰাৰ পাছত তেওঁলোকক অহা ১৮ মে'ত গুৱাহাটীলৈ উভতাই অনা হ'ব।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment