গুৱাহাটী,১৩ মে' : অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে পদ্মশ্ৰী বিৰুবালা ৰাভাই। সোমবাৰে পুৱা ৯.২৩ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সমাজকৰ্মীগৰাকীয়ে। গুৱাহাটী চিকিৎসা ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটত ২২ এপ্ৰিলৰ পৰা চিকিৎসাধীন হৈ আছিল পদ্মশ্ৰী বিৰুবালা ৰাভা। বিগত বহু দিনৰে পৰা ৭৫ বছৰীয়া পদ্মশ্ৰী বিৰুবালা ৰাভা খাদ্যনলীৰ কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছিল। ৪ মে’ পৰা আই চি ইউত চিকিৎসাধীন হৈ আছিল সমাজকৰ্মীগৰাকী। উল্লেখ্য যে ডাইনী হত্যাৰ বিৰুদ্ধে সমাজত বিপুল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল পদ্মশ্ৰী বিৰুবালা ৰাভা। ২০২১ চনত বিৰুবালা ৰাভাক ভাৰত চৰকাৰৰ চতুৰ্থ অসামৰিক বঁটা পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছল। উল্লেখ্য যে গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাঁৱৰ এটি সাধাৰণ পৰিয়ালত ১৯৫৪ চনত বীৰুবালা ৰাভাৰ জন্ম হৈছিল। শৈশৱৰ ঘৰখনত বহু কষ্টেৰে ডাঙৰ-দীঘল হোৱা ৰাভাই মাত্ৰ পঞ্চম শ্ৰেণীলৈকে পঢ়া-শুনা কৰাৰ পাছতেই বিদ্যালয় এৰিবলগীয়া হৈছিল। সৰুৰে পৰা বিভিন্ন সামাজিক কাম-কাজত জড়িত থাকি তেওঁ ভাল পাইছিল। ২০০০ চনৰ পৰাই তেওঁ সমাজত প্ৰচলিত ডাইনী প্ৰথাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল। প্ৰথমতে গোৱালপাৰা জিলাতে ডাইনী হত্যাৰ বিৰুদ্ধে জনসচেতনতা আনিবলৈ চেষ্টা কৰি যোৱা দুটা দশক ধৰি তেওঁ এই অন্ধবিশ্বাস আঁতৰ কৰিবলৈ সংগ্ৰাম কৰি আহিছে। তেওঁ গাঁৱে ভূঁঞে গৈ ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসসমূহৰ বিষয়ে মানুহক সচেতন কৰিবলৈ চেষ্টা কৰি আহিছে। বিৰুবালা ৰাভাই প্ৰায় ৩৪ গৰাকী লোকৰ প্ৰাণৰক্ষা কৰিছে। ২০১১ চনত ডাইনী হত্যাৰ বিৰুদ্ধে তেওঁ গোৱালপাৰা জিলাত মিছন বিৰুবালা আৰম্ভ কৰিছিল। মৃত্যুৰ পূৰ্বলৈকে অন্ধবিশ্বাস-কু সংস্কাৰৰ বিৰুদ্ধে যুজঁ দি গ'ল সাহসী মহিলা পদ্মশ্ৰী বিৰুবালা ৰাভাই।
বিৰুৱালা ৰাভাৰ মৃত্যুত অন্ধবিশ্বাস বিৰোধী নেতা ডঃ দিব্যজ্যোতি শইকীয়াৰ শোক প্ৰকাশ
অন্ধবিশ্বাস তথা ডাইনী বিৰোধী সমাজকৰ্মী বিৰুৱালা ৰাভাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে দেশৰ অন্যতম অন্ধবিশ্বাস বিৰোধী নেতা, যুক্তিবাদী চিন্তাবিদ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই। পদ্মশ্ৰী ৰাভাৰ মৃত্যুত দুখ প্ৰকাশ কৰি ডঃ শইকীয়াই কয় যে ২০০৬ বৰ্ষৰ পৰা ২০১১ বর্ষলৈ বিৰুৱালা ৰাভাক তেওঁ বিভিন্ন প্ৰকাৰে অন্ধবিশ্বাস বিৰোধী সংগ্ৰামত সহায় সহযোগ কৰি ডাইনী বিৰোধী আন্দোলন আগবঢ়াই নিয়া হৈছিল বুলি উল্লেখ কৰে। বিৰুবালা ৰাভাই অন্ধবিশ্বাস বিৰোধী তথা ডাইনী কাণ্ড বিৰোধী আইনৰ পৰিবৰ্তে ব্যপক সজাগতা কাৰ্যসূচীৰ পোষকতা কৰিছিল বুলি তেওঁ কয়।
.jpeg)
0 Comments:
Post a Comment