ব্ৰিটিছ হাউছ অব লৰ্ডছৰ বেৰ’নেছ পদত অসম মূলৰ ব্ৰিটিছ ভাৰতীয় মহিলা


গুৱাহাটী,১২ মে’ : ব্ৰিটিছ সংসদৰ হাউছ অব লৰ্ডছলৈ নিৰ্বাচিত হৈছে প্ৰথমগৰাকী অসমীয়া মূলৰ ব্ৰিটিছ ভাৰতীয়। ইতিমধ্যে ব্ৰিটিছ নাগৰিকত্ব গ্ৰহণ কৰা উত্তৰ লখিমপুৰৰ আয়েশা ইউছুফ হাজৰিকাই ব্ৰিটিছ সাংসদৰ হাউছ অব লৰ্ডছৰ বেৰ’নেছ হিচাপে শপত গ্ৰহণ কৰিছে। তেওঁ লণ্ডনৰ ৱেষ্টমিনষ্টাৰস্থিত ব্ৰিটিছ সংসদৰ উচ্চ সদনৰ ক'টব্ৰীজৰ বেৰ’নেছ হিচাপে দায়িত্ব গ্রহণ কৰে। তেওঁ দেশখনৰ লেবাৰ পাৰ্টিৰ স্কটলেণ্ডৰ ৰাজনৈতিক সহযোগীৰ উপৰি এগৰাকী ৰেডিঅ' ব্রডকাষ্টাৰ হিচাপে কাম কৰি আহিছিল। তেওঁ প্রাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী গৰ্ডন ব্রাউনৰ লগতে সাংসদ হেৰিয়ট হৰমন আৰু প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ এড মিলিবেণ্ডৰ বিশেষ পৰামৰ্শদাতা হিচাপেও (২০০৭-২০১৫) দায়িত্ব পালন কৰিছিল। উল্লেখ্য যে উত্তৰ লখিমপুৰৰ চিকিৎসক ডাঃ লিয়াকট আলী হাজৰিকাৰ কন্যা আয়েশা হাজৰিকাৰ ১৯৭৪ চনত স্কটলেণ্ডৰ বেলশিলত জন্ম হৈছিল। তেওঁৰ পিতৃয়ে ১৯৬০ চনতে লখিমপুৰৰ পৰা গৈ গ্লাছগ’ত স্থায়ীভাৱে থাকিবলৈ লৈছিল। আয়েশাৰ ককাক ইউছুফ আলী হাজৰিকা এজন প্রখ্যাত অধিবক্তা তথা উত্তৰ লখিমপুৰ পৌৰসভাৰ অধ্যক্ষ আছিল। আয়েশাই ক'টব্রীজত ডাঙৰ-দীঘল হয়। প্রধানমন্ত্ৰীৰ পৰামৰ্শদাতা হৈ থকাৰ সময়ত তেওঁ প্ৰধানমন্ত্রী গর্ডন ব্রাউনৰ ভাষণ লিখি দিয়াৰ উপৰি সংসদৰ বিতৰ্কবোৰ আৰু প্ৰধানমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সৈতে মুখামুখি হোৱাৰ সময়ৰ বিষয় আদি প্ৰস্তুত কৰি দিছিল। তেওঁ লণ্ডনৰ বহুকেইটা সংবাদ মাধ্যমৰ নিয়মীয়া স্তম্ভ লেখকো আছিল। তেওঁ নিয়মীয়াকৈ দেশখনৰ দূৰদৰ্শন আৰু ৰেডিঅ'ৰ শ্ব’বোৰতো অংশগ্ৰহণ কৰিছিল। ২০১৯ চনত আয়েশা ইউচুফ হাজৰিকাক ইভিনিং ষ্টেণ্ডাৰ্ডৰ প্ৰতিষ্ঠিত ডায়েৰী পেজ দ্য লণ্ডনাৰৰ সম্পাদক হিচাপে নিযুক্তি দিয়া হয়। সংবাদ মাধ্যমৰ ব্যক্তি হিচাপে তেওঁ দেশখনত একাধিক সন্মানো লাভ কৰিবলৈ সক্ষম হৈছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment