আসনৰ হিচাপ-নিকাচ লৈ সদৰত অগপৰ কাৰ্যনিৰ্বাহক সভা



গুৱাহাটী,২০ মে' : দুখন আসনত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপিৰ মিত্রদল অগপই আজি সদ্যসমাপ্ত লোকসভা নিৰ্বাচন সন্দৰ্ভত পৰ্যালোচনা কৰে। গুৱাহাটীৰ আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্য্যালয়ত সভাপতি অতুল বৰাৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত লোকসভা নিৰ্বাচনৰ সাম্ভাব্য ফলাফল সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। সভাত লোকসভা নিৰ্বাচনত মিত্ৰজোঁটৰ বিজয়ধ্বজা উৰুৱাৰ নিমিত্তে লোকসভা আৰু বিধানসভা সমষ্টিসমূহত দায়িত্ব অৰ্পণ কৰা পৰ্যবেক্ষকসকলৰ সৈতে সাংগঠনিক কামকাজৰ বিষয়ে পুংখানুপুংখভাৱে পৰ্যালোচনা কৰা হয়। লোকসভা নিৰ্বাচনৰ পাছতে অনুষ্ঠিত হ’ব লগা বিধানসভাৰ উপনিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন, বিভিন্ন পৰিষদীয় নিৰ্বাচনত নিৰঙ্কুশ বিজয় সুনিশ্চিত কৰাৰ বাবে ভৱিষ্যতৰ কৰ্মপৰিকল্পনা সন্দৰ্ভত আলোচনা কৰা হয়। আগন্তুক দিনত দলটোক অধিক শক্তিশালী কৰাৰ বাবে সতীৰ্থসকলক সুপৰিকল্পিতভাৱে আৰু সংঘবদ্ধ প্ৰয়াসেৰে সাংগঠনিক কামকাজত মনোনিৱেশ কৰিবলৈ নেতৃত্বই সকলোৰে প্ৰতি আহ্বান জনায়। এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখনত দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, বিধায়ক তথা বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী, ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী জাবেদ ইছলাম সমন্বিতে উপসভাপতিসকল, সাধাৰণ সম্পাদক আৰু সম্পাদকসকল, কেন্দ্ৰীয় সমিতিৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়াসকল, ভাতৃ-ভগ্নী পৰিষদসমূহৰ বিষয়ববীয়াসকল, জিলা সমিতিসমূহৰ সভাপতি-সম্পাদকসকল আৰু লোকসভা সমষ্টিসমূহৰ পৰ্যবেক্ষকসকল উপস্থিত আছিল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment