অৰুণাচল আৰক্ষীৰ জিম্মাত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
লখিমপুৰ,১৮ মে' : অৰুণাচল আৰক্ষীৰ জিম্মাত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ লখিমপুৰৰ নাওবৈচাৰ দিজুত আজি ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে শুকুৰবাৰে অৰুণাচল আৰক্ষীয়ে আটক কৰি নিছিল ডিজুৰ ছাইদুল ইছলাম নামৰ এজন যুৱকক। ছাইদুল ইছলাম অৰুণাচলৰ এজন ব্যক্তিৰ গাড়ী চালক হিচাপে কৰ্মৰত হৈ আছিল। বহু দিন ধৰি প্ৰাপ্য দৰমহা নোপোৱাত অৰুণাচল এৰি ঘৰলৈ ঘূৰি আহিছিল যুৱকজন। ইয়াৰ পাছতে গাড়ীৰ গৰাকীয়ে চুৰি কৰা বুলি অৰুণাচল আৰক্ষীক এজেহাৰ দাখিল কৰাত শুকুৰবাৰে ছাইদুলক আৰক্ষীয়ে আটক কৰি নিছিল। কিন্তু আজি আৰক্ষী জিন্মাত যুৱকজনৰ মৃত্যু হোৱা বুলি খৱৰ পোৱাত বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে দিজু কিমিন সংযোগী পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজে দাবী কৰা মতে যুৱকজনক চোৰ বুলি মিছাকৈ অভিযোগ দিছে অৰুণাচলীয়ে। ইয়াৰ প্ৰতিবাদতে আজি ৰাইজে অৰুণাচল আৰক্ষী গ' বেক, অৰুণাচল আৰক্ষী হুচিয়াৰ আদি শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে। উল্লেখযোগ্য যে অৰুণাচলত আৰক্ষীৰ জিম্মাত যুৱকৰ মৃত্যুৰ ঘটনা এইয়াই প্ৰথম নহয় পূৰ্বেতেও অসমৰ এনেদৰে নিৰহ যুৱকে প্ৰাণ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে। উল্লেখ যে লখিমপুৰৰ পৰা বিশাল আৰক্ষী বাহিনী প্ৰতিবাদস্থলী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও অঞ্চলটোত বৰ্তমানেও চেপা উত্তেজনাই বিৰাজ কৰি আছে। জানিব পৰা মতে অৰুণাচলৰ কিমিনৰ নাবাম হাজি নামৰ লোকজনৰ ঘৰত দীৰ্ঘদিন ধৰি ছাইদুল ইছলামে গাড়ী চলাই আছিল।


0 Comments:
Post a Comment