লখিমপুৰ,২৫ মে' : লখিমপুৰত খেলমাটি আৰক্ষী চকী আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত আৰক্ষীৰ ব্যাপক অভিযান অব্যাহত আছে। আৰক্ষীয়ে দিনে নিশাই অভিযান চলাই আৰক্ষী চকীত আক্ৰমণ কৰা ১৫ জনক যোৱানিশা গ্ৰেপ্তাৰ কৰে। এই সন্দৰ্ভত উত্তৰ লখিমপুৰ সদৰ থানাত 141/24 নং ধাৰাত পঞ্জীয়ন হৈছে গোচৰ।ভাৰতীয় দণ্ডবিধি আইনৰ 120(B), 143,147, 326, 307, 338, 333 ৰাজহুৱা সম্পত্তি ধ্বংস আইন 4ৰ অধীনত গ্ৰেপ্তাৰ কৰিছে সকলোকে।গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত আছে দুজন নাবালক কিশোৰ। আজি উত্তৰ লখিমপুৰ সদৰ থানাত এক সংবাদমেল আয়োজন কৰি সমগ্ৰ তথ্য সদৰী কৰিলে লখিমপুৰ জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লব কুমাৰ ডেকা, অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ ) নয়নমণি বৰ্মন, আৰক্ষী বিষয়া ডেইজি গগৈয়ে। আনহাতে আৰক্ষী চকী আক্ৰমণৰ মূল নায়ক জাহাংগীৰ আলিক আৰক্ষীয়ে ৪ দিনৰ বাবে আৰক্ষীৰ জিম্মাত লৈছে আৰু ১১ জনক আজি জেললৈ প্ৰেৰণ কৰাৰ বিপৰীতে আন দুজনক আৰক্ষীয়ে সোধা পোছা কৰি আছে। ইপিনে দুই কিশোৰক যোৰহাটৰ জুভেনাইল হোমলৈ প্ৰেৰণ কৰিছে। আৰক্ষীয়ে তীব্ৰ অভিযানৰ অন্তত গ্ৰেপ্তাৰ কৰা যুৱক কেইজন হৈছে - মালেক আলি, মনিৰুল ইছলাম, চাজাহান আলম, চনী আহমেদ, পাপু খান, মোবাৰক আলি, মজিবুৰ ৰহমান, আজিজুৰ ৰহমান, কাচেম আলি, বাহাৰুল ইছলাম, আনৰুল ওৰফে আনৰ ইছলাম, মফুজুৰ ৰহমান আৰু দুজন নাবালক কিশোৰ। উল্লেখ যে আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা জাহাঙ্গীৰ আলিৰ ঘৰ বিহাৰত। তেওঁ লখিমপুৰৰ ২ নং চাপৰি গাঁৱত ভাৰতীয় হিচাপে থাকি বিভিন্ন অসমাজিক কাম কাজত জড়িত আছিল আৰু অপৰাধীটোক প্ৰতিবাদকাৰীয়ে দুষ্কাৰ্য সংঘটিত কৰিবলৈ মাতি অনা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছিল। গ্ৰেপ্তাৰ হোৱা এই যুৱক সকলে লখিমপুৰ খেলমাটি আৰক্ষী চকীত আচামীৰ মৃত্যু হোৱাক কেন্দ্রকৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। উত্তেজিত প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ নিক্ষেপ কৰিছিল শিলগুটি। ঘটনাত আহত হৈছিল কেইবাগৰাকীও সাংবাদিক আৰু আৰক্ষীৰ লোক। সমান্তৰালকৈ শিলগুটিৰে ক্ষতিগ্রস্ত কৰিছিল আৰক্ষীৰ গাড়ী। উত্তেজিত প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰা মাষ্টাৰমাইণ্ড জাহাঙ্গীৰ আলিক ঘটনাৰ দিনাই আটক কৰিছিল আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত আৰু বহুলোকক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।



0 Comments:
Post a Comment