কাঁ ফিল্ম ফেষ্টিভেলত উজলিল অসমীয়া ডিজাইনাৰৰ ডিজাইন




গুৱাহাটী,২৬ মে’ : জগতসভাত আৰু এগৰাকী প্ৰতিভাশালী অসমীয়াৰ সফলতাৰ আন এখোজ। বিশ্বৰ শ্ৰেষ্ঠতম প্ৰতিভা, সৌন্দৰ্য আৰু ফেশ্বনৰ মহাপীঠ কাঁ ফিল্ম ফেষ্টিভেলৰ ৰেড কাৰ্পেট। শনিবাৰে সামৰণি পৰা ৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত ৰেড কাৰ্পেটত উজ্বলিল অসমৰ প্ৰখ্যাত ফেশ্বন ডিজাইনাৰৰ  মোহনীয় যাদুকৰী বস্ত্ৰ। দেখিলে গৌৰৱ ওপজা এক দৃশ্য ৷ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন দুগৰাকীকৈ ছুপাৰ মডেলে ৰেড কাৰ্পেটত খোজ দিছে অসমীয়া ডিজাইনাৰৰ নতুন ফেশ্বনৰ পোচাক পিন্ধি। লগত অসমীয়া ফেশ্বন ডিজাইনাৰ গৰাকী। কিছু সময়ৰ বাবে জাক জাক সৌন্দৰ্য আৰু ফেশ্বনপ্ৰিয় বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফটোগ্ৰোফাৰ, ভিডিঅ’গ্ৰাফাৰৰ কেমেৰাৰ কেন্দ্ৰ বিন্দু হৈ পৰিল দুই ছুপাৰ মডেলৰ সেই পোচাক। বিশ্বৰ ফেশ্বন জগতৰ বিশাল প্ৰতিযোগিতাৰ মাজত প্ৰতিভাৰে ইতিমধ্যে নিজা পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা এগৰাকী অসমীয়া উদ্যোগী নাৰী সংযুক্তা দত্ত। সংযুক্তা দত্তৰ হাতত প্ৰাণ পাই উঠা বস্ত্ৰ সম্ভাৰ পৰিধান কৰি কাঁৰ ৰেড কাৰ্পেটত লহৰ তুলিলে দুগৰাকীকৈ বিশ্বৰ আগশাৰীৰ ছুপাৰ মডেলে। ইতিমধ্যেই  আন্তঃৰাষ্ট্ৰীয় সমাদৰ লাভ কৰা সংযুক্তা দত্তৰ ডিজাইন পৰিধান কৰি কাঁ ফেষ্টিভেলৰ ৰঙা দলিছাত খোজ দিলে দুই ছুপাৰ মডেল মিৰ্কা অক্টাভিয়া হেণ্ড্ৰ' আৰু ভেলেৰিয়া হজেৰটেনাছে। লগতে প্ৰখ্যাত মডেল দুগৰাকীৰ সৈতে অসমীয়াৰ পৰম্পৰাগত মেখেলা-চাদৰ পৰিধান কৰি ৰেড কাৰ্পেটত দেখা গ’ল ডিজাইনাৰ সংযুক্তা দত্তকো। গুৱাহাটীৰ নিজা বস্ত্ৰ উদ্যোগত প্ৰস্তুত কৰি উলিওৱা পোচাক কাঁৰ ৰঙা দলিচাত মিৰ্কা অক্টাভিয়া হেণ্ড্ৰ' আৰু ভেলেৰিয়া হজেৰটেনাছৰ দৰে ছুপাৰ মডেলে কৰিলে পৰিধান। লগতে লাভ কৰিলে সমাদৰ।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment