ৰত্না শইকীয়া, কুসুম কুমাৰ মহন্ত আৰু কুজ্ঞমোহন ৰায়লৈ আদৰ্শ বঁটা-২০২৪
গুৱাহাটী,২০ মে' : গুৱাহাটীৰ দিছপুৰ প্ৰেছ ক্লাবত দেওবাৰে এক বিশেষ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত নতুন অসম নিউজ পৰ্টেলৰ দ্বাৰা অসমৰ বচা বচা তিনিজন ব্যক্তিক আদৰ্শ বঁটা ২০২৪ আৰু কুৰীগৰাকী লোকক সম্বৰ্ধনা জনোৱা হয়। অসম আন্দোলনৰ একালৰ উত্তৰ অসমৰ নেতা, দৈনিক জনমভূমিৰ প্ৰতিষ্ঠাপক সাংবাদিক প্ৰয়াত প্ৰবীন কুমাৰ শইকীয়াৰ পত্নী তথা বিশেষকৈ দেশৰ প্ৰখ্যাত অন্ধবিশ্বাস বিৰোধী নেতা, যুক্তিবাদী চিন্তাবিদ, ডেৰ শতাধিক ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হোৱা আন্ত:ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ৰাষ্ট্ৰীয় মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ মাতৃক এগৰাকী আদর্শবান মাতৃ তথা নাৰী হিচাপে উক্ত বঁটা প্ৰদান কৰা হয়। নিজ স্বামীক আৰু কণিষ্ঠ পুত্ৰ ডঃ দিব্যজ্যোতি শইকীয়াক মানৱ সেৱা তথা সমাজ সেৱালৈ আত্মনিয়োগ কৰিবৰ বাবে আগবঢ়াই দিয়া ত্যাগ আৰু আদৰ্শৰ বাবেই এগৰাকী আদৰ্শবান নাৰী তথা আদৰ্শবান মাতৃ হিচাপে আদৰ্শ বঁটা২০২৪ প্ৰদান কৰা হয় ৰত্না শইকীয়াক। আদর্শ নাৰী ৰত্না শইকীয়াৰ উপৰি কুসুম কুমাৰ মহন্তক মিছিং, কৈৱৰ্ত, ৰাভা আদি বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰায় বিশজন ভকত বৈষ্ণৱক সত্ৰাধিকাৰ অধিষ্ঠিত কৰি শংকৰদেৱৰ আদৰ্শক আগুৱাই লৈ যোৱাৰ বাবে অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক, উদাৰ তথা বলিষ্ঠ সমাজ সংগঠক মহন্তক "আদৰ্শ বঁটা ২০২৪" প্ৰদান কৰে। আনহাতে কুঞ্জমোহন ৰায়ে অসমৰ সংবাদ মাধ্যমৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক সকলক একত্রিত কৰি এক বলিষ্ঠ সংগঠকৰ আদৰ্শ দেখুৱাবলৈ সক্ষম হোৱাৰ হেতু "আদৰ্শ বঁটা ২০২৪" প্ৰদান কৰা হয়। উল্লেখযোগ্য যে বিশিষ্ট অতিথি হিচাপে দিছপুৰ প্ৰেছ ক্লাৱৰ সভাপতি ডঃ নিৰেন হাজৰিকা আৰু মুখ্য অতিথি হিচাপে ডঃ দিব্যজ্যোতি শইকীয়া উপস্থিত থকা উক্ত অনুষ্ঠানটোত অসমৰ আগশাৰীৰ বলিষ্ঠ নিউজ পৰ্টেল নৰ্থ ইষ্ট নাওৰ অসমীয়া মাধ্যমৰ সম্পাদক ৰাজেন শৰ্মা, দৈনিক জন্মভূমিৰ লখিমপুৰ ধেমাজিৰ জ্যেষ্ঠ ষ্টাফ ৰিপ'ৰ্টৰ দ্বীপেন বৰা, সাংবাদিক মিন্টু হাজৰিকাকে আদি কৰি কুৰিজন লোকক সম্বৰ্ধনা জনোৱা হয়।


0 Comments:
Post a Comment