ৰাজ্যৰ কৃষিখণ্ডৰ বাবে ভাল খবৰ : ৫.২৪ কোটি টকাৰ ৰঙালাও ৰপ্তানি



গুৱাহাটী,২২ মে' : বিগত বৰ্ষত বোকাখাত সমষ্টিৰ কৃষকসকলে উৎপাদন কৰা ২ কোটি টকাৰ ৰঙালাও বহিঃৰাজ্যৰ বজাৰলৈ প্ৰেৰণ কৰাৰ বিপৰীতে এই বছৰত অঞ্চলটোৰ কৃষকসকলে প্ৰায় ৫.২৪ কোটি টকাৰ ৰঙালাও প্ৰেৰণ কৰাটো ৰাজ্যখনৰ কৃষি খণ্ডৰ বাবে অত্যন্ত উৎসাহজনক বতৰা। এই মন্তব্য কৃষিমন্ত্রী অতুল বৰাৰ। ৰঙালাও ৰপ্তানি কৰা কাৰ্যসূচীত অংশ গ্ৰহণ কৰি মন্ত্রী বৰাই কয় যে এই বছৰ আকৌ যথেষ্ট সংখ্যক ৰঙালাও বহিঃৰাজ্যৰ বজাৰলৈ প্ৰেৰণ কৰিবলৈ বাকী আছে। তদুপৰি কুৰুৱাবাহী গাঁও পঞ্চায়তৰ লগতে এইবাৰ মধ্য মহুৰা আৰু দিচৈ গাঁও পঞ্চায়তৰ কৃষকসকলেও ৰঙালাওৰ ব্যাপক খেতি কৰিছে। সেয়েহে যোৱা বছৰ অঞ্চলটোৰ কৃষকসকলৰ সৈতে চৰকাৰে নিৰ্ধাৰণ কৰা ৰঙালাও উৎপাদনৰ লক্ষ্যত অতি শীঘ্ৰে উপনীত হ'ম বুলি তেওঁ কয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত ৰাজ্য চৰকাৰৰ কৃষি বিভাগে প্ৰৱৰ্তন কৰা কেতবোৰ অভিলাষী আঁচনিয়ে ৰাজ্যখনৰ কৃষি খণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ ফলস্বৰূপে ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক কৃষকে বাণিজ্যিক মূল্য থকা কৃষিত মনোনিৱেশ কৰি স্ব-নিৰ্ভৰশীল হৈ উঠাৰ লগতে শিক্ষিত নিবনুৱাসকলেও স্ব-নিয়োজনৰ পথ প্ৰশস্ত কৰিবলৈ সক্ষম হৈছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment