কাইলৈ ভোটযুদ্ধ : মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ


গুৱাহাটী,৬ মে' : ৭ মে'ত অনুষ্ঠিত হ'বলগীয়া তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণত ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টি ক্ৰমে ৩৩ নং দিছপুৰ, ৩৪ নং ডিমৰীয়া, ৩৫ নং নিউ গুৱাহাটী, ৩৬ নং গুৱাহাটী চেন্ট্ৰেল আৰু ৩৭ নং জালুকবাৰী সমষ্টিত ভোটগ্ৰহণৰ বাবে আজি ই ভি এমসহ অন্যান্য নিৰ্বাচনী সামগ্ৰীসমূহ বিতৰণ কৰা হয়। মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত বিতৰণ কৰা উক্ত নিৰ্বাচনী সামগ্ৰী লৈ প'লিং বিষয়াৰ দলসমূহ নিৰ্ধাৰিত বাহনত নিজৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ইতিমধ্যে ৰাওনা হৈছে। উল্লেখযোগ্য যে এইবাৰৰ নিৰ্বাচনত প'লিং বিষয়া সকলৰ বাবে এক বিশেষ এপৰ ব্যৱস্থা কৰা হৈছে, য'ত এগৰাকী প'লিং বিষয়াই নিজৰ এনৰ‌ইড মোবাইল ফোনেৰে 'কিউ আৰ' ক'ড স্কেন কৰি নিজৰ সতীৰ্থ সকলৰ নাম আৰু ফোন নম্বৰ লাভ কৰিব পাৰিব । তেনেদৰে প্ৰতিখন বাহনত জি পি এচ প্ৰয়োগ কৰি ভোটগ্ৰহণ কেন্দ্ৰ সমূহলৈ যোৱা আৰু ভোটগ্ৰহণৰ অন্তত ঘূৰি অহা পথ নিৰ্দিষ্ট কৰি দিয়া হৈছে। এই প্ৰক্ৰিয়া সংশ্লিষ্ট কৰ্তৃপক্ষই নিৰীক্ষণ কৰি থাকিব।  এইবাৰৰ নিৰ্বাচনত  কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ  মুঠ ভোটাৰৰ সংখ্যা  ১০,৫৫,৬৮৪ গৰাকী। ইয়াৰ  ভিতৰত ৫,১৫,০৫২ গৰাকী পুৰুষ আৰু ৫,৪০,৫৯৬ গৰাকী মহিলা ভোটাৰ। আনহাতে জিলাখনত এইবাৰ ৩৬ গৰাকী তৃতীয় লিঙ্গৰ ভোটদাতা আছে। কামৰূপ মহানগৰ নিৰ্বাচন জিলা কাৰ্যালয়ে সদৰি কৰা তথ্য অনুসৰি উক্ত ভোটাৰ সকলৰ ভিতৰত ১৫,৯৬০ গৰাকী ১৮ ৰ পৰা ১৯ বছৰ বয়সৰ নতুন ভোটদাতা,  ৮২১২ গৰাকী ৮৫ ৰ উৰ্ধৰ ভোটদাতা আৰু ৯১২ গৰাকী  চাৰ্ভিছ ভোটাৰ আছে। ইপিনে, কামৰূপ মহানগৰ নিৰ্বাচন জিলাত এইবাৰ ১০২৬টা ভোটগ্ৰহণ কেন্দ্ৰ  স্থাপন কৰা হৈছে  আৰু  ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পাদন কৰাৰ বাবে ১২৮৩ গৰাকী প্ৰিজাইডিং বিষয়া,  ৪৬২০ গৰাকী পলিং বিষয়াৰ লগতে প্ৰয়োজনীয় সুৰক্ষা কৰ্মী নিয়োগ কৰা হৈছে । তদুপৰি জিলাখনত ৫৬৪ টা ৱেব কাষ্টিংৰ ব্যৱস্থা কৰা হৈছে। একেদৰে  নিৰ্বাচনত কামৰূপ মহানগৰ জিলাত ২৬ টা আদৰ্শ ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু  মহিলা বিষয়া-কৰ্মচাৰীৰ দ্বাৰা ১০০টা ভোট গ্ৰহণ কেন্দ্ৰ পৰিচালিত হ'ব ।  নিৰ্বাচন আয়োগে কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ  ৭৯ টা ভোটগ্ৰহণ কেন্দ্ৰক  সংকটপূৰ্ণ,  ৮৭ টাক অসুৰক্ষিত আৰু ৫ টা ভোটগ্ৰহণ কেন্দ্ৰক দুৰ্গম এলেকাৰ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে চিহ্নিত কৰিছে । উক্ত ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ ভোটদান প্ৰক্ৰিয়া সূচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ইতিমধ্যে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে। আনহাতে নিৰ্বাচন আচৰণ বিধি প্ৰযোজ্য হোৱাৰ দিনৰ পৰা বৰ্তমানলৈকে কামৰূপ মহানগৰ জিলাত ৬১ হাজাৰৰো অধিক  লিটাৰ অবৈধ সুৰা জব্দ কৰা হৈছে, যাৰ বজাৰ মূল্য প্ৰায় ৭৮ লাখ টকা।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment