লখিমপুৰত অব্যাহত গৰুৰ চোৰাং বেহা, গ্ৰেপ্তাৰ চাৰিজন


লখিমপুৰ,৫ মে' : লখিমপুৰত বৰ্তমানো অব্যাহত আছে গৰুৰ চোৰাং বেহা। গৰুৰ চোৰাং বেহাৰ সুযোগ বুজিয়েই লখিমপুৰ ধেমাজিত একাংশ আৰক্ষী আৰু একাংশ সংগঠনৰ নেতাই দীৰ্ঘদিন ধৰি এক ছিণ্ডিকেট চলাই আহিছে বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে লখিমপুৰত গৰু গাড়ীৰ পৰা ধন দাবী কৰি কেইবাজনো সংগঠনৰ নেতা ৰঙাঘৰৰ আলহী হ'ব লগা হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে গৰু গাড়ীৰ পৰা ধন দাবী কৰি লখিমপুৰত গ্ৰেপ্তাৰ ৪ জন  নেতাই নিজকে জাতীয় সংগঠনৰ নেতা বুলি পৰিচয় দি কৰিছিল ধন দাবী। এই যুৱক কেইজনে লখিমপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছত গৰু ভৰ্তি বাহন আৱদ্ধ কৰি কাঢ়ি লৈছিল কাগজ-পত্ৰ আৰু ধন বিচাৰি চালকক মাৰপিট কৰাৰো অভিযোগ উঠিছে। লখিমপুৰ আৰক্ষীৰ জালত পৰা ৪ জন যুৱক ক্ৰমে পাপু গগৈ,(২৫) চুতীয়াকাৰী, জুলফিকৰ আহমেদ,(২৯)নকাৰী ৱাৰ্ড নং ১, বিপুল নেওগ(২৪) নৰ্থ লখিমপুৰ পুলিচ কেম্পাছ আৰু মানস জ্যোতি শইকীয়া(২৩) মাজুলিয়াল গাঁও বুলি আৰক্ষীয়ে সদৰী কৰিছে। আৰক্ষীয়ে উত্তৰ লখিমপুৰ সদৰ থানাত এই সন্দৰ্ভত  গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment