লখিমপুৰৰ খেলমাটি আৰক্ষী চকীত যুৱকৰ মৃত্যুকলৈ উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদত স্তব্ধ ৰাষ্ট্ৰীয় ঘাইপথ



লখিমপুৰ আৰু গুৱাহাটী,২৩ মে' : লখিমপুৰ সদৰ থানাৰ অন্তৰ্গত খেলমাটি আৰক্ষী চকীত যোৱানিশা এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি আজি পুৱাৰ ভাগত খেলমাটিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ উল্লেখ যে যোৱানিশা পূৱ চান্দমাৰীৰ আশ্রফ আলী (৪২) নামৰ যুৱকজনৰ আৰক্ষীৰ জিম্মাত ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি এনে পৰিস্থিতিৰ সূচনা হয়৷ আজি একাংশ লোকে উত্তেজিত হৈ আৰক্ষীৰ লগতে খেলমাটি আৰক্ষী চকীলৈ শিলগুটি নিক্ষেপ কৰাত আৰক্ষীয়ে উত্তেজিত প্ৰতিবাদকাৰীক খেদি পঠাবলৈ প্ৰথমে লাঠি চালনা কৰাৰ পিছত শূন্যলৈ গুলী চলাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও এই ঘটনাত সাংবাদিক, আৰক্ষীসহ কেবাজনো লোক আহত হয়৷ ইফালে উত্তেজিত লোকে কেবাখনো বাহনৰ ক্ষতিসাধন কৰে৷ এই ঘটনাৰ পিছতে অসম আৰক্ষীয়ে তাৎক্ষণিক ভাৱে দুজনকৈ আৰক্ষী বিষয়াক নিলম্বন কৰাৰ লগতে সমগ্ৰ ঘটনাৰাজিৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি যোৱানিশা খেলমাটি আৰক্ষীয়ে চুৰি হোৱা এটা মোবাইলৰ সন্দৰ্ভত পূৱ চান্দমাৰীৰ পৰা আশ্রফ আলী নামৰ যুৱকজনক আটক কৰি থানালৈ আনে৷ কেইদিনমান পূৰ্বে এটা মোবাইল চুৰি হোৱা বুলি এজন লোকে খেলমাটি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল আৰু উক্ত চুৰি মোবাইলটো আশ্রফ আলীয়ে ব্যৱহাৰ কৰি থকা বুলি আৰক্ষীয়ে জানিব পাৰি যোৱানিশা সোধপোছৰ বাবে আশ্রফ আলীক থানালৈ আনে। এই সন্দৰ্ভত আৰক্ষীয়ে চান্দমাৰীৰ ৰহমান আলী, পশ্চিম চান্দমাৰীৰ হানিফ আলিকো গ্ৰেপ্তাৰ কৰি থানালৈ আনে। একেদৰে চুৰি মোবাইল সন্দৰ্ভত আৰক্ষীয়ে চুৰি মোবাইল ক্ৰয় কৰা পশ্চিম চান্দমাৰীৰ আজিজ আহমেদ, ৰাওনাপুৰৰ ফকৰুদ্দিন আলি আৰু পূৱ চান্দমাৰীৰ আশ্রফ আলিকো থানালৈ আনে। ইয়াৰে হানিফ আলি আৰু ৰহমান আলিক আৰক্ষীয়ে মোবাইল চোৰৰ সন্দেহত আৰু বাকী তিনিজনক চুৰি মোবাইল ক্ৰয় কৰাৰ সন্দৰ্ভত আটক কৰি থানালৈ আনে যদিও ইয়াৰে আশ্রফ আলিৰ যোৱানিশা খেলমাটি আৰক্ষী চকীতে ৰহস্যজনক পৰিস্থিতিত মৃত্যু হয়৷ ইফালে আশ্রফ আলিক আৰক্ষীয়ে মাৰধৰ কৰাৰ বাবেই মৃত্যু হোৱা বুলি অভিযোগ তোলাৰ লগতে মৃত আশ্রফ  আলিৰ ভতিজাক ফইজুল হক নামৰ যুৱকজনে অভিযোগ কৰা অনুসৰি হেৰোৱা মোবাইলৰ গৰাকীয়ে নিশা থানাত আহি আৰক্ষীৰ উপস্থিতিত মাৰধৰ কৰাৰ ফলতে তেওঁৰ মৃত্যু হয়৷ আনহাতে আৰক্ষী সূত্ৰে জানিব পৰা অনুসৰি আশ্রফ আলিক বহুৱাই ৰখা অৱস্থাত ঢলি পৰাত নিশাই আশ্রফ  আলিক লখিমপুৰ মেডিকেল কলেজলৈ লৈ যোৱা হয়৷ কিন্তু চিকিৎসকে পৰিয়ালৰ লোকক অৱগত কৰা অনুসৰি যুৱকজনৰ ইতিপূৰ্বেই মৃত্যু ঘটিছে৷ এই ঘটনাৰ খবৰ পুৱা সকলোৱে লাভ কৰাৰ পিছত আজি পুৱা প্ৰায় ১০ মান বজাত সহস্ৰাধিক লোক ওলাই আহি খেলমাটি থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাত আৰক্ষীয়ে প্ৰথম অৱস্থাত তেওঁলোকক বুজনি দিবলৈ চেষ্টা কৰে যদিও ইয়াৰ পিছতে একাংশ লোকে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাত আৰক্ষী পিছুৱাই আহে যদিও উত্তেজিত লোকসকলে আগুৱাই আহি খেলমাটি থানালৈ শিলগুটি নিক্ষেপ কৰাত একাধিক আৰক্ষীৰ লগতে লখিমপুৰৰ চাৰিজনকৈ সংবাদকৰ্মী আহত হয়৷ উক্ত ঘটনাত প্ৰাগ নিউজৰ লখিমপুৰৰ সাংবাদিক কুশল শইকীয়া' ভিডিঅ জাৰ্নেলিষ্ট ৰণটো দত্ত ,ভৱেন বৰুৱা, চিৰঞ্জিৎ শইকীয়া  আহত হয়৷ এই ঘটনাৰ পিছতে আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হোৱাৰ শূন্যলৈ গুলী চালানা কৰি উত্তেজিত লোকসকলক খেদি পঠায় পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও এই ঘটনাত আৰক্ষীৰ দুখন বলেৰ বাহনৰ লগতে কেবাখনো ব্যক্তিগত বাহনৰ ক্ষতিসাধন হয়৷ উত্তেজিত লোকসকলে খেলমাটি থানাৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথত বহুসময় ধৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাত পথৰ দুয়োদিশে যানবাহন আবদ্ধ হৈ পৰাৰ লগতে সমগ্ৰ খেলমাটি অঞ্চলত এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সূচনা হয়৷ এই ঘটনাৰ পিছতে আৰক্ষীয়ে তাৎক্ষণিক ভাৱে ঘটনাৰ লগত জড়িত জাহাংগীৰ আলি নামৰ দুষ্কৃতিকাৰীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ইফালে ঘটনা সন্দৰ্ভত মৃত যুৱকজনৰ ভতিজাক ফইজুল হকে লখিমপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ ঘটনাৰ পিছতে অসম আৰক্ষীয়ে খেলমাটিৰ উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দীপাংকৰ চাংমাই আৰু কনিষ্টবল ভৈৰাম দেউৰী আৰু গৃহৰক্ষী জোৱান অনিল বৰাক তাৎক্ষণিক ভাৱে চাকৰিৰ পৰা নিলম্বিত কৰে৷ একেদৰে জিলা আয়ুক্তই ঘটনা সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত দিয়াৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে বিশ্বনাথ জিলাৰ এজন অতিৰিক্ত আৰক্ষী অধীক্ষকক নিৰপেক্ষ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে৷ উত্তৰ অসমৰ ডি আই জিকো তাৎক্ষণিক ভাৱে লখিমপুৰলৈ আহি ঘটনাৰ সবিশেষ বুজ লোৱাৰ নিৰ্দেশ দিয়ে।

আনহাতে আজিৰ এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আৰক্ষীৰ জিম্মাত সন্দেহজনক অভিযুক্তৰ মৃত্যুক আৰক্ষীৰ দায়িত্বহীন কাৰ্য বুলি অভিহিত কৰি বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই এনে ঘটনাত আৰক্ষীৰ লোকক নিলম্বন যথেষ্ট নহয় বুলি মত ব্যক্ত কৰে। লগতে এই ঘটনাই ভয়ংকৰ মানৱ অধিকাৰ উলংঘন কৰিছে বুলি ডঃ শইকীয়াই উল্লেখ কৰে৷ এই বিষয়টিক মানৱ অধিকাৰ আয়োগক গুৰুত্ব সহকাৰে ল'বলৈ তেওঁ আহ্বান জনায়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment