লখিমপুৰ জিলাৰ নাওবৈচাত জলজীৱন আঁচনি ৰূপায়নত ব্যাপক দুৰ্নীতি-অনিয়ম


লখিমপুৰ,৮ মে' : কেন্দ্ৰীয় চৰকাৰে ২০২৪  চনত ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ বাবে হাতত লোৱা জলজীৱন মিছন আঁচনি ৰূপায়ণৰ নামত লখিমপুৰ জিলাৰ নাওবৈচাত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। বিশেষকৈ নিৰ্ধাৰিত সময়ৰ ভিতৰত পানীযোগান আঁচনিসমূহ সম্পূৰ্ণ কৰিবৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগত ঠিকা কৰাৰ অভিজ্ঞতা নথকা এচাম ধনবান লোকক জধে-মধে কোটি কোটি টকা আবন্টন দিয়া, পানী যোগান আঁচনি নিৰ্মাণৰ কাম উপঠিকা দিয়া, বিভাগীয় বিষয়া- কৰ্মচাৰীয়ে আঁচনি সমূহ সঠিকভাৱে তদাৰক নকৰা আদি কাৰণত লখিমপুৰৰ নাওবৈচাত এই অভিলাসী  আঁচনিখনৰ পৰা জনসাধাৰণ কিমান উপকৃত হ'ব ই এক চিন্তনীয় বিষয় হৈ পৰিছে। আনহাতে পানী যোগান আঁচনিসমূহ সঠিকভাৱে তদাৰক নকৰাৰ সুবিধা লৈ একাংশ ঠিকাদাৰে আঁচনিসমূহ প্ৰাক:কলন অনুসৰি নিৰ্মাণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লখিমপুৰ সংমণ্ডলৰ দ্বাৰা ৰূপায়ণ কৰা পানী যোগান আঁচনিসমূহত সংঘটিত অনিয়মৰ এক উদাহৰণ হৈছে নাওবৈচা সমষ্টিৰ বান বিধ্বস্ত গোসাঁনীবাৰী গাঁৱৰ ৯০ লাখ টকাৰ পানী যোগান আঁচনিখন। আঁচনিখনৰ ঠিকা লাভ কৰা খগেন হাজৰিকা   নামৰ ঠিকাদাৰগৰাকীয়ে অতি লেহেমীয়া গতিৰে নিৰ্মাণকাৰ্য চলাই প্ৰায় দুই বছৰৰ মূৰত আঁচনিখন সম্পূৰ্ণ কৰে যদিও ঠিকাদাৰগৰাকী আঁচনিখন নিৰ্মাণৰ বেলিকা দুৰ্নীতি সংঘটিত কৰাৰ বাবে ৰাইজে আজিও এটুপি বিশুদ্ধ খোৱা পানী লাভ নকৰিলে। উল্লেখযোগ্য যে যোৱা জানুৱাৰী মাহত আঁচনিখনৰ পৰা পানী যোগান ধৰিবলৈ ৰাইজক হস্তান্তৰ কৰে যদিও দুমাহ যেনে তেনে আঁচনিখনৰ পৰা ৰাইজে পানী পাবলৈ সক্ষম হয় যদিও পিছত আঁচনিখনৰ পৰা পানী নোপোৱা হ'ল। উক্ত আঁচনিখনৰ নিৰ্মানৰ দায়িত্ব থকা ঠিকাদাৰ খগেন হাজৰিকাই চূড়ান্ত মইমতালিৰে আঁচনিখন পাইপ লাইন কাম কৰোতে দুৰ্নীতি সংঘটিত কৰাৰ বাবেই বান বিধ্বস্ত অঞ্চলটোৰ ৰাইজে এটুপি বিশুদ্ধ খুৱাপানী পোৱা নাই  বুলি ৰাইজে অভিযোগ কৰিছে। লগতে পানী পাইপ লাইনসমূহৰ অসংখ্য স্থানত ফুটা ওলোৱাত সম্প্ৰতি আঁচনিখনৰ পৰা পানী যোগান ধৰিলেই পানী লিক হৈ পানী অপচয় হোৱাৰ লগতে পৰিয়ালসমূহে পানী নোপোৱাকৈ বঞ্চিত হব লগা হৈছে।   লক্ষণীয়ভাৱে  নাওবৈচাত বহু পানী যোগান আঁচনিৰ পথৰ কাষত পোতা পানীৰ পাইপসমূহ নির্ধাৰিত গভীৰতাত নোপোৱাৰ ফলত কম দিনৰ ভিতৰত পাই পসমূহ নষ্ট হোৱাটো নিশ্চিত হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উত্তৰ লখিমপুৰ সংমণ্ডলৰ অধীনস্থ নাওবৈচা সমষ্টিত নিৰ্মান হোৱা বা নিৰ্মীয়মান অৱস্থাত থকা পানী যোগান আঁচনিৰ পৰা  জনসাধাৰণে সু-ফল  লাভ কৰিবনে নাই সেয়া বৰ্তমান লাখ টকীয়া প্ৰশ্ন হয় পৰিছে। এই ক্ষেত্ৰত জিলা আয়ুক্ত গৰাকীক নাওবৈচাত নিৰ্মান চলি থকা জল জীৱন আঁচনিৰ দুৰ্নীতিৰ সম্পৰ্কত উচ্চ পৰ্যায়ৰ তদন্ত জৰিয়তে দুৰ্নীতিৰ লগত জড়িত ঠিকাদাৰ সকলক শাস্তি দিবলৈ দাবী জনাইছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment