গুৱাহাটী,১৫ জুনঃ গুৱাহাটী লোকসভা সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হোৱা নৱনিৰ্বাচিত সাংসদ বিজুলী কলিতা মেধিক আজি বিজেপিৰ হেঙেৰাবাৰীস্থিত গুৱাহাটী মহানগৰ জিলা কাৰ্য্যলয়ত সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষ্যে বিজেপিৰ গুৱাহাটী মহানগৰ জিলাৰ সভাপতি তপন চন্দ্ৰ দাসৰ সভাপতিত্বত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। বিজেপিৰ মহানগৰ জিলা সমিটিৰ উদ্যোগত আয়োজন কৰা বিশেষ সম্বৰ্ধনা অনুষ্ঠানত নৱনিৰ্বাচিত সাংসদ বিজুলী কলিতা মেধীক উষ্ম আদৰণি জনাই বিপুল সম্ভাষণ জনোৱা হয়। সংবাদ মাধ্যমৰ আগত নৱনিৰ্বাচিত সাংসদগৰাকীয়ে কয় যে গুৱাহাটী মহানগৰৰ সমস্যা সমাধানত বিজেপি চৰকাৰে গুৰুত্ব দিছে। গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ লগতে খোৱাপানীৰ অভাৱ দূৰ কৰাত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিৰ ৰাইজৰ সমস্যা সমাধানত গুৰুত্ব দিয়া হ'ব। সমস্যা বহুত আছে আৰু পৰ্যায়ক্ৰমে সেই সমস্যাসমূহ সমাধান কৰা হ'ব বুলি তেওঁ কয়। অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু , মেয়ৰ মৃগেন শৰণীয়া, প্ৰাক্তন সাংসদ কুইন ওজাকে ধৰি ভালেসংখ্যক নেতা উপস্থিত আছিল।
বিজেপিৰ হেঙেৰাবাৰীস্থিত কাৰ্য্যলয়ত বিজুলী কলিতা মেধিক বিপুল সম্বৰ্ধনা

0 Comments:
Post a Comment