গুৱাহাটী,১৫ জুনঃ ঘোষণা হ'ল সাহিত্য অকাডেমীৰ ২০২৪ বৰ্ষৰ বিভিন্ন শিতানৰ পুৰস্কাৰ। সাহিত্য অকাডেমীয়ে ঘোষণা কৰিছে ২০২৪ বৰ্ষৰ শিশু সাহিত্য পুৰস্কাৰ। অসমীয়া ভাষাত ‘বিপন্ন বিস্ময় খেল’ শীৰ্ষক উপন্যাসৰ বাবে ৰঞ্জু হাজৰিকাই লাভ কৰিছে সাহিত্য অকাডেমী শিশু সাহিত্য পুৰস্কাৰ। বড়ো ভাষাত ‘বুহুমা বৈনিবৌ’ শীৰ্ষক কবিতা সংকলনৰ বাবে ভাৰ্জিন জেকভা মোছাহাৰীয়ে লাভ কৰিছে সাহিত্য অকাডেমী শিশু সাহিত্য পুৰস্কাৰ। এইবৰ্ষত সৰ্বমুঠ ২৪টা ভাষাত প্ৰদান কৰা হৈছে সাহিত্য অকাডেমী শিশু সাহিত্য পুৰস্কাৰ। আনহাতে অসমীয়া ভাষাত ‘জাল কটা জুই’ শীৰ্ষক চুটি গল্প সংকলনৰ বাবে নয়নজ্যোতি শৰ্মাই লাভ কৰিছে সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ। বড়ো ভাষাত ‘ছৈখলুম’ শীৰ্ষক চুটি গল্প সংকলনৰ বাবে ছেল্ফ মেড ৰাণী বড়োৱে লাভ কৰিছে সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ। সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ বাংলা ভাষাত ‘দেৰাজে হলুদ ফুল’ শীৰ্ষক কবিতা সংকলনৰ বাবে অসমৰে শিলচৰৰ সূতাপা চক্ৰৱৰ্তীয়ে লাভ কৰিছে। এইবৰ্ষত সৰ্বমুঠ ২৩টা ভাষাত প্ৰদান কৰা হৈছে সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ।

0 Comments:
Post a Comment