শোকাহত খবৰ : লাডাখত পাঁচগৰাকী সেনা জোৱানৰ কৰুণ মৃত্যু


নিউজ ডেক্স,২৯ জুন : লাডাখৰ পৰা আহিল দেশবাসীক শোকাহত কৰা খবৰ। শ্বহীদ হ'ল দেশৰ ৫জনকৈ সেনা জোৱান। সেনাজোৱান কেইজনে অনুশীলন কৰি থকাৰ সময়তে ঘটিল হৃদয়বিদাৰক ঘটনা। পানীত বুৰ গৈ ৫ ভাৰতীয় সেনাৰ কৰুণ মৃত্যু। ভাৰতীয় সেনাই চলাইছিল টেংক অনুশীলন। টেংকাৰেৰে নৈ পাৰ হোৱাৰ চেষ্টা চলাইছিল সেনাই। ঠিক তেনে সময়তে হঠাৎ বৃদ্ধি পায় নৈৰ জলস্তৰ। নৈৰ জলস্তৰ বৃদ্ধি পোৱাত টেংকাৰত থকা ৫ সেনাৰ মৃত্যু হয়। পানীৰ সোঁতে উটুৱাই নিয়ে সেনা জোৱান কেইজনক। লাডাখৰ দৌলত বেগ অ’ল্ডী অঞ্চলত এই ঘটনা সংঘটিত হয়। LACৰ বোধি নৈ পাৰ হওঁতেই আবদ্ধ হয় সেনাৰ টেংক। হঠাতে নৈৰ পানী বৃদ্ধি হোৱাত আবদ্ধ হয় T-72 টেংকখন। নৈৰ সোঁতে উটুৱাই নিয়ে সেনাৰ JCOসহ ৫জনকৈ জোৱানক। বৃহস্পতিবাৰে নিশা ১ বজাত যুদ্ধভ্যাসৰ সময়ত সংঘটিত এই ঘটনা। কেউজনৰে মৃতদেহ উদ্ধাৰ হৈছে সেনাৰ অভিযানত। লাডাখত সংঘটিত ঘটনাত দুখ প্ৰকাশ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment