অৰুণাচলী সুৰাৰ অবৈধ বিক্ৰীক লৈ গুৱাহাটীত অৰুণাচলৰ উপমুখ্যমন্ত্ৰী চাওনা মেইন আৰু অসমৰ আৱকাৰী মন্ত্ৰী কেশৱ মহন্তৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক


গুৱাহাটী,২৮ জুন : অসমত অৰুণাচলী সুৰাৰ অবৈধ বিক্ৰী ৰোধৰ ক্ষেত্ৰত অসম চৰকাৰক পূৰ্ণ সহযোগিতা আগবঢ়াব অৰুণাচল প্ৰদেশ চৰকাৰে। গুৱাহাটীত আজি অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চাওনা মেইন আৰু অসমৰ আৱকাৰী মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত দুয়োখন ৰাজ্যৰ আৱকাৰী বিভাগৰ মাজত হোৱা এখন উচ্চস্তৰীয় বৈঠকত অবৈধ সুৰাৰ চোৰাং বিক্ৰী প্ৰতিৰোধৰ বাবে উভয় ৰাজ্যই ঐক্যবদ্ধভাৱে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লয়। অসম প্ৰশাসনিক পদাধিকাৰীৰ মহাবিদ্যালয়ত শুক্ৰবাৰে দুপৰীয়া সম্পূৰ্ণ সৌহাৰ্দপূৰ্ণ ৰূপত অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ বৈঠকখনত আৱকাৰী ৰাজহ বৃদ্ধিৰ বাবে দুয়োখন ৰাজ্যই পূৰ্ণ সহযোগিতাৰে কাম কৰাৰ লগতে অবৈধ সুৰাৰ বিক্ৰী ৰোধৰ উদ্দেশ্যে দুয়ো ৰাজ্যৰ আৱকাৰী বিভাগৰ মাজত ক্ষিপ্ৰতাৰে তথ্যৰ-আদান প্ৰদানৰ সিদ্ধান্ত লোৱা হয়। অৰুণাচল প্ৰদেশ চৰকাৰৰ উপমুখ্যমন্ত্ৰীগৰাকীৰ লগতে উপমুখ্যমন্ত্ৰীৰ উপদেষ্টা কেপ্তেইন অনুপম টাংগু, অৰুণাচলৰ বিত্ত, কৰ, আৱকাৰী আৰু নাৰ্ক’টিক্স বিভাগৰ আয়ুক্ত সচিব য়েছি ৱাংগমো ৰিংগু, কৰ, আৱকাৰী আৰু নাৰ্ক’টিক্স বিভাগৰ আয়ুক্ত লবছাং ছেৰিং আৰু গুৱাহাটীস্থিত অৰুণাচলৰ অতিৰিক্ত আৱাসিক আয়ুক্ত ড° দিলীপ কুমাৰ চুতীয়াই বৈঠকত অংশ গ্ৰহণ কৰে। আনহাতে বৈঠকত অসমৰ আৱকাৰী মন্ত্ৰী মহন্তৰ সৈতে ভাগ লয় ৰাজ্যৰ আৱকাৰী সচিব ইন্দ্ৰেশ্বৰ কলিতা, আৱকাৰী আয়ুক্ত জিতু দলে, বিভাগৰ যুটীয়া সচিব বিলবান দৈমাৰী, অতিৰিক্ত আয়ুক্ত সঞ্জীৱ কুমাৰ মেধি, উপ-আয়ুক্ত প্ৰাঞ্জল বৰাই। বৈঠকত সুৰাৰ চোৰাং সৰবৰাহ তথা অবৈধ বিক্ৰী বন্ধ কৰাৰ বাবে উভয় ৰাজ্যৰ আৱকাৰী বিভাগে যৌথ সহযোগিতাৰে কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে। অবৈধ সুৰাৰ চোৰাং সৰবৰাহ আৰু বিক্ৰীৰ ফলত দুয়োখন ৰাজ্য চৰকাৰে যথেষ্ট পৰিমাণৰ ৰাজহ হেৰুৱাব লগা হোৱাৰ বিষয়টোক লৈ উভয় পক্ষৰ মাজত বিস্তৃত ভাৱে চৰ্চা চলে। বিষয়টোক অৰুণাচল চৰকাৰেও অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰা বুলি বৈঠকত ৰাজ্যখনৰ উপমুখ্যমন্ত্ৰী মেইনে অসমৰ আৱকাৰী মন্ত্ৰী মহন্তক অৱগত কৰে। চুবুৰীয়া ৰাজ্যখনৰ আৱকাৰী বিভাগৰ দায়িত্বতো থকা উপমুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰসংগত হোৱা আলোচনাত জানিবলৈ দিয়ে যে অসমত চুবুৰীয়া ৰাজ্যখনৰ পৰা সুৰাৰ অবৈধ সৰবৰাহ তথা চোৰাং বিক্ৰী হ'ব নোৱাৰে, সেয়া সুনিশ্চিত কৰিব পৰাকৈ এইক্ষেত্ৰত থকা সকলো সুৰুঙা বন্ধ কৰিবলৈ অৰুণাচল চৰকাৰে ইতিমধ্যে প্ৰয়োজনীয় কঠোৰ ব্যৱস্থা লৈছে। অবৈধ সুৰাৰ চোৰাং সৰবৰাহ আৰু বিক্ৰী বন্ধ হ'লে উভয় ৰাজ্যই আৱকাৰী ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত উপকৃত হ'ব বুলিও বৈঠকত মতপোষণ কৰা হয়। আজিৰ মন্ত্ৰীস্তৰীয় বৈঠকৰ পাছত অবৈধ সুৰাৰ সৰবৰাহ তথা চোৰাং বিক্ৰী প্ৰতিৰোধৰ বাবে উভয় ৰাজ্যৰ আৱকাৰী বিভাগে ক্ষিপ্ৰ তথ্যৰ আদান-প্ৰদান আৰু যৌথ সহযোগিতাৰে গ্ৰহণ কৰিব লগা প্ৰয়োজনীয় কাৰ্যব্যৱস্থাৱলী নিৰূপণৰ বাবে দুয়োখন ৰাজ্যৰ মাজত অতি শীঘ্ৰে বিষয়া পৰ্যায়ত বৈঠক অনুষ্ঠিত কৰিবলৈও আজিৰ বৈঠকত সন্মতি প্ৰকাশ কৰা হয়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment