ডিব্ৰুগড়ৰ ৰাইজক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন সৰ্বানন্দ সোণোৱালৰ



গুৱাহাটী,৪ জুনঃ ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি নেতৃত্বাধীন এন ডি এৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে বিপুল ভোটত জয়ী হয়। এই জয়ৰ বাবে ডিব্ৰুগড়বাসীক ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয় - 'আপোনালোকৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰিবলৈ আপোনালোকে মোৰ ওপৰত অটুট আস্থা-বিশ্বাস ৰাখি অভূতপূৰ্ব মৰম-সমৰ্থনেৰে বিজয়ী কৰোৱাৰ বাবে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ডিব্ৰুগড়ৰ ঐতিহ্যক উজ্জীৱিত কৰি সৰ্বাংগীণ বিকাশৰ যাত্ৰাক এক নতুন শিখৰত উপনীত কৰিবলৈ মই বদ্ধপৰিকৰ। আকৌ এবাৰ দেশমাতৃৰ সেৱা কৰাৰ সুযোগ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে এন ডি এৰ কাৰ্যকৰ্তাসকলকো তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, সমৰ্পিত সেৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ বাবে সৰ্বস্তৰৰ লোকক লগত লৈ আমি ঐক্যবদ্ধভাৱে আগুৱাই যাম।'


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment