ভোটগণনা : নিৰ্ণয় হ'ব অসমৰ ১৪ টা সমষ্টিৰ ১৪৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য



গুৱাহাটী,৪ জুন : দীঘলীয়া অপেক্ষাৰ অন্ত পেলাই আজি ভাগ্য নিৰ্ণয় হ'ব অসমৰ ১৪ টা লোকসভা সমষ্টিৰ মুঠ ১৪৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ৰাজ্যৰ ৫০ খন নিৰ্বাচনী জিলাৰ ৫২ টা ভোটগণনা কেন্দ্ৰৰ ১৫২ টা হলৰ ১৯৪১ খন টেবুলত ভোটগণনাৰ ব্যৱস্থা কৰা হৈছে। পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা। ই ভি এমত বন্দী হৈ থকা প্ৰাৰ্থী সকলৰ আজি ভাগ্য নিৰ্ণয় হ'ব। ইতিমধ্যে বহুকেইটা সমষ্টিত বিজেপি আগবাঢ়ি আছে। ৰাজ্যৰ ৫০ খন নিৰ্বাচনী জিলাত ৫২ টা কাউন্টিং চেন্টাৰৰ ব্যৱস্থা কৰা হৈছে। কাউন্টিং চেন্টাৰত ই ভি এমৰ ভোটৰ গণনাৰ উপৰি পোষ্টেল বেলটৰ গণনা কৰাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে ৫২ টা কাউণ্টিং চেণ্টাৰত ভোট গণনাৰ বাবে ১৫২ টা হলৰ ব্যৱস্থা কৰা হৈছে। সেইদৰে ১৫২ টা হলত ভোট গণনাৰ বাবে মুঠ ১৯৪১ খন টেবুলৰ ব্যৱস্থা কৰা হৈছে। ইফালে ভোটগণনাত নিয়োজিত হৈছে ৫৮২৩ গৰাকী কাউণ্টিং ষ্টাফ। তদুপৰি নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত কৰা হৈছে ৬৪ গৰাকী সাধাৰণ নিৰীক্ষক। উল্লেখ্য যে অসমত তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল। প্ৰথম পৰ্যায়ত ১৯ এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছিল। দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত নিৰ্বাচন অনুষ্ঠিত হৈছিল। তৃতীয় পৰ্যায়ত কোকৰাঝাৰ, বৰপেটা, ধুবুৰী আৰু গুৱাহাটীত নিৰ্বাচন অনুষ্ঠিত হৈছিল। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ ৭৮.২৫ শতাংশ। দ্বিতীয় পৰ্যায়ত ভোটদানৰ হাৰ আছিল ৮১.১৭ শতাংশ। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ ৮৫.৪৫ শতাংশ। ১৪টা সমষ্টিত ভোটদানৰ হাৰ আছিল ৮১.৫৬ শতাংশ। আনহাতে ধুবুৰীৰ বীৰসিং জাৰুৱা বিধানসভা সমষ্টিত সৰ্বাধিক ৯৪.১০ শতাংশ আৰু নিউ গুৱাহাটী বিধানসভা সমষ্টিত সৰ্বনিম্ন ৬৭.৯৩ শতাংশ ভোটদান হৈছিল। ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিত ভোটদানৰ হাৰ। সেইদৰে লোকসভা সমষ্টি হিচাপত ধুবুৰী লোকসভা সমষ্টিত সৰ্বাধিক ৯২.০৮ শতাংশ আৰু লখিমপুৰ লোকসভা সমষ্টিত সৰ্বনিম্ন ৭৪.৪২ শতাংশ ভোটদান হৈছিল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment