বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে এইমছ গুৱাহাটীত 'এৰিডা'ৰ গছপুলি ৰোপণ



গুৱাহাটী,৫ জুনঃ সমগ্ৰ দেশৰ লগতে আজি অসমতো বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। চাংসাৰিস্থিত এইমছ গুৱাহাটীতো বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ডেভেলপাৰ্ছ এছ'চিয়েচন চমুকৈ এৰিডাৰ উদ্যোগত আৰু এইমছ গুৱাহাটীৰ সহযোগত প্ৰতিষ্ঠানখনৰ চৌহদত বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে বিশাল পৰিসৰত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব তথা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই অংশ গ্ৰহণ কৰি গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত এইমছ গুৱাহাটীৰ ডীন (একাডেমিক) ডাঃ মানসী ভট্টাচাৰ্য, চিকিৎসা অধীক্ষক ডাঃ ব্ৰায়ান, অধ্যাপক ডাঃ বিনীত মহাজন, এৰিডাৰ সভাপতি পি কে শৰ্মাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। অনুষ্ঠানত এৰিডাৰ সভাপতি পি কে শৰ্মাই কয় যে পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে দহ বছৰতকৈও অধিক সময় ধৰি গছপুলি ৰোপণ কৰি আহিছে আৰু আজিলৈকে সফলতাৰ হাৰ ৯০ শতাংশতকৈও অধিক হৈছে। আনহাতে বিগত বৰ্ষৰ আজিৰ দিনটোতে এইমছ গুৱাহাটীৰ খালী এলেকাবোৰত বৃক্ষৰোপণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল আৰু সেই পদক্ষেপৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পিছত এইমছ গুৱাহাটীত ইয়াৰ সফলতাৰ হাৰ হৈছে ৯৭ শতাংশ। শৰ্মাই কয় যে এইমছ গুৱাহাটীৰ বিভিন্ন স্থানত বিগত এবছৰত যথেষ্ট সংখ্যক গছপুলি ৰোপন কৰা হৈছে আৰু যতনো লোৱা হৈছে। যাতে গছপুলি সমূহৰ লালন-পালন ভালদৰে হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই এৰিডাৰ এই প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে। আনহাতে এইমছ গুৱাহাটীৰ ডীন ডাঃ মানসী ভট্টাচাৰ্যই বিগত এবছৰত এৰিডাই গছপুলি ৰোপনৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিশেষভাৱে শলাগ লয়। লগতে তেওঁ ভৱিষ্যতৰ কাৰ্যসূচীসমূহত প্লাষ্টিকৰ ওপৰত থকা নিষেধাজ্ঞাৰ বিষয়টোত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে এৰিডাৰ প্ৰতি আহ্বান জনায়। উল্লেখ্য যে বিগত বৰ্ষটো এৰিডাৰ উদ্যোগত এইমছ গুৱাহাটীত গছপুলি ৰোপণকে ধৰি বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছিল। আনহাতে বিগত বৰ্ষতে এইমছ গুৱাহাটীৰ চৌহদটোক বনানিকৰণৰ মাধ্যমেৰে সেউজ-সুন্দৰকৈ গঢ় দিয়াৰ লক্ষ্যৰে এৰিডা আৰু এইমছ গুৱাহাটীৰ মাজত বুজাবুজি হৈছিল। এই চুক্তি অনুসৰি এইমছ গুৱাহাটী চৌহদৰ ভিতৰত থকা খালী এলেকাসমূহত গছপুলি ৰোপণ কৰি প্ৰতিপালন কৰাৰ বাবে এইমছ গুৱাহাটীৰে এৰিডাৰ বুজাবুজি হৈছিল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment