লখিমপুৰত সোৱণশিৰিৰ ভয়াৱহ খহনীয়া, আশ্ৰয়হীন বহু লোক




লখিমপুৰ,৬ জুন : লখিমপুৰ জিলাৰ বৃহত্তৰ পূৱ তেলাহী মৌজাৰ ন আলি অঞ্চলত এতিয়া সোৱণশিৰিৰ ভয়ংকৰ গৰাখহনীয়াই বহু লোকৰ ঠিকনা হেৰুৱাই পেলাইছে৷ যাৰবাবে এতিয়া এনে একাংশ লোকে মুকলি আকাশৰ তলতে অন্ন গ্ৰহণ কৰিব লগা হৈছে৷  আজি সোৱণশিৰিৰ ন-আলিত খহনীয়াগ্ৰস্ত লোকসকলে ‘গণ প্ৰতিবাদী’ কাৰ্যসূচী ৰূপায়ণ কৰি খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনায়৷ প্ৰখৰ ৰদৰ উত্তাপত সোৱণশিৰি নদী পাৰ হৈ প্ৰতিবাদী জনতাৰ খবৰ লবলৈ যোৱা লখিমপুৰৰ জিলা আয়ুক্ত গৰাকীও আজি প্ৰতিবাদী লোকৰ ক্ষোভৰ সন্মুখীন হ’ব লগা হয়৷ ইতিমধ্যে সোৱণশিৰি নদীখনে ন-আলি অঞ্চলৰ ন-আলি মিচিং গাঁৱকে ধৰি পূৱ তেলাহী, ঘাগৰ বালিগাঁও আৰু নআলি গাঁওখনলৈ তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ পিছত আজি শতাধিক লোকে সোৱণশিৰি নদীৰ পাৰত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয়৷ প্ৰতিবাদী লোকসকলে অসম চৰকাৰ হায় হায়, জলসম্পদ বিভাগ হায় হায়, বিধায়ক মানৱ ডেকা হায় হায়, জলসম্পদ বিভাগ গ' বেক, ন-আলিৰ খহনীয়া প্ৰতিৰোধ কৰক, বিজেপি গ' বেক আদি শ্লোগান দি সমগ্ৰ অঞ্চলটো উত্তাল কৰি তোলে৷ উল্লেখনীয় কথা যে ২০২৩ বৰ্ষত উক্ত অঞ্চলত ডেৰশৰো অধিক পৰিয়ালে সোৱণশিৰিৰ খহনীয়াৰ কবলত পৰি ঘৰ মাটিৰ লগতে শ শ বিঘা কৃষিভূমি নদীৰ বুকুত এৰি দিয়াৰ  লগতে বহুলোক অন্য স্থানলৈ স্থানান্তৰিত হ’ব লগা হয়৷ শেহতীয়াকৈ এই নদীখনে পকী ঘৰদুৱাৰৰ লগতে ১৩টাকৈ গৃহ নদীৰ বিলিন হোৱাৰ পিছত এই লোকসকল কিংকৰ্তব্য বিমূৰ হৈ পৰিছে৷ নআলি-ঘাগৰ বালিগাঁও বাসীৰ দুৰ্দশাৰ কথা বহুবাৰ জিলা প্ৰশাসনৰ লগতে জলসম্পদ বিভাগ আৰু স্থানীয় বিধায়কক অৱগত কৰি অহাৰ পিছতো এই অঞ্চলৰ খহনীয়াগ্ৰস্ত লোকসকলৰ দুৰ্দশাৰ অন্ত পেলাবলৈ সক্ষম নোহোৱাত আজি ৰাইজে আয়ুক্তৰ সন্মুখত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে৷ লক্ষণীয় কথা যে মহিলা আয়ুক্তগৰাকীয়ে সোৱণশিৰিৰ দৰে ভৰা নদী পাৰ হৈ আজি ন আলিৰ দুৰ্গম অঞ্চলটোত উপস্থিত হৈ খহনীয়া পৰিদৰ্শন কৰাৰ লগতে ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লয়৷ ৰাইজে অভিযোগ কৰে যে গেৰুকামুখত সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বাবেই নামনিৰ ন-আলিৰ দৰে অঞ্চলত এনে দৰে নদীখনে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰিছে৷ আজি মূলতঃ টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ নেতৃত্বত সোৱণশিৰিৰ পাৰত এনেদৰে ৰাইজে কেবাঘণ্টা ধৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ তাৎপৰ্যপূৰ্ণ কথা যে পূৰ্বে লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এই খহনীয়াগ্ৰস্ত অঞ্চলটো এতিয়া নাওবৈচা সমষ্টিত অন্তভূক্তি হৈছে৷ প্ৰতিবাদৰ অন্তত খহনীয়াগ্ৰস্ত লোকসকলে জিলা আয়ুক্তৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰি সোৱণশিৰিৰ ভয়ংকৰ খহনীয়াৰ পৰা ৰাইজক বিজ্ঞান সন্মত ভাৱে স্থায়ীৰূপত প্ৰতিৰোধ কৰি জনজীৱন, কৃষিভূমি, ঘৰমাটি, বনজ সম্পদ আদি ৰক্ষা কৰিবলৈ দাবী জনায়৷ ইফালে আজি খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি প্ৰতিবাদী লোকসকলে নদীত পুজা অৰ্চনা কৰি সোৱণশিৰিৰ বুকুত হাহ এৰি দিয়ে৷ পৰিতাপৰ কথা যে ন-আলি অঞ্চলত নদীৰ বুকুত ঘৰ মাটি জাহ যোৱাৰ পিছত এতিয়া বহু পৰিয়ালে মুকলি আকাশৰ তলতে খাদ্যগ্ৰহণ কৰিবলৈ বাধ্য হৈছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment