মহানগৰীৰ কৃত্ৰিম বানপানী : সমস্যাৰ সমাধান বিচাৰি পৰিদৰ্শনত ওলাল মন্ত্ৰী অশোক সিংহল



গুৱাহাটী,২৪ জুন : গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি জিলা আয়ুক্তৰ লগতে গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, লোক নিৰ্মাণ আদি বিভাগৰ জ্যেষ্ঠ বিষয়াসকলক লগত লৈ মহানগৰীৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও কৃত্ৰিম বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে আজি ৰুক্মিনীগাঁও, ডাউন টাউন, সৰুমটৰীয়া, অইল ইণ্ডিয়াৰ পাইপলাইন, আয়কৰ কাৰ্যালয়ৰ সমীপৰ এলেকা, বশিষ্ঠ চাৰিআলিৰ গুৰুদ্বাৰাৰ সমীপৰ অঞ্চল, দিছপুৰ লাষ্টগেট, গণেশগুৰিৰ গণেশ মন্দিৰৰ সন্মুখৰ অঞ্চল আদি ঠাই পৰিদৰ্শন কৰে। কেতবোৰ এলেকাত নদীখনৰ গতিপথ সংকুচিত কৰি একাংশ লোকে দেৱাল, বাসগৃহ উপপথ আদি নিৰ্মাণ কৰা প্ৰত্যক্ষ কৰি এনে অবৈধ নিৰ্মাণৰ বিৰুদ্ধে উপযুক্ত পদক্ষপ গ্ৰহণ কৰিবলৈ কতৃৰ্পক্ষক নিৰ্দেশ দিয়ে৷ পৰিদৰ্শনকালত উপস্থিত থকা সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰী সিংহলে কয় যে খানাপাৰাৰ পৰা জালুকবাৰীলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ অংশটি ছয়লেনযুক্তকৰণেৰে নতুনকৈ নিৰ্মাণ কৰাৰ পাছত খানাপাৰাৰ দিশৰ পৰা অহা অতিৰিক্ত পানী বাহিনী নদীত সোমাই বাহিনী আৰু ভৰলু হৈ মহানগৰীৰ মাজেৰে ব্ৰহ্মপুত্ৰলৈ বৈ যোৱাত বানপানীৰ সৃষ্টি হৈছে। এই পানীৰ পৰিমাণ নদীৰ স্বাভাৱিক সংবহন ক্ষমতাতকৈ অধিক হোৱাৰ বাবে মহানগৰীৰ কিছুসংখ্যক নতুন অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। এই অতিৰিক্ত পানীৰ কাৰক তথা উৎসৰ অনুসন্ধানৰ লগতে আৰু ইয়াক বিকল্প পথেৰে বোৱাই নিয়াৰ বাবে চিন্তা-চৰ্চা চলি আছে বুলি সদৰী কৰি তেওঁ কয় যে প্ৰযোজন সাপেক্ষে বাহিনী নৈৰ কাষৰ বেদখলকৃত এলেকাত উচ্ছেদ অভিযান চলোৱাৰ বাবেও জিলা আয়ুক্তক নিৰ্দেশ দিয়া হৈছে। বানমুক্ত গুৱাহাটী অভিযানৰ সুফলস্বৰূপে মহানগৰীৰ বহুতো বানপ্ৰৱণ এলেকা এইবাৰ কৃত্ৰিম বানৰ সমস্যাৰ পৰা মুক্ত হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে ইয়াৰ পৰিৱৰ্তে কেতবোৰ নতুন অঞ্চল কৃত্ৰিম বানৰ কবলত পৰা পৰিলক্ষিত হৈছে। এনে অঞ্চলসমূহৰ পৰাও যথাসম্ভৱ কম সময়ৰ ভিতৰতে পানী নিস্কাষণৰ বাবে বিভাগীয়ভাৱে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। আনহাতে মহানগৰীৰ একাংশ নাগৰিকৰ অবিবেচক কাৰ্যকলাপৰ বাবে ভৰলু আৰু বাহিনী নদী তথা নলা-নৰ্দমাসমূহৰ বুকু সীমাহীন আৱৰ্জনা, প্লাষ্টিকৰ বটল, পলিথিন আদিৰে ভৰি পৰাৰ লগতে গতিপথ সংকুচিত হৈ নদীখন মৃতপ্ৰায় হৈ পৰাৰ প্ৰসংগত আক্ষেপ প্ৰকাশ কৰি তেওঁ কয় যে বাহিনী, ভৰলু আদি নদীৰ পানী সংবহন ক্ষমতা স্বাভাৱিক ৰূপলৈ ঘূৰাই আনিব নোৱাৰিলে গুৱাহাটীক কৃত্ৰিম বানমুক্ত কৰাটো সম্ভৱ নহ’ব৷ সেয়ে তেওঁ মহানগৰীৰ বাসিন্দাসকলক এইক্ষেত্ৰত সজাগ আৰু সংবেদনশীলতাৰ পৰিচয় দিবলৈ আহ্বান জনায়৷ আজিৰ এই পৰিদৰ্শনকালত জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকা, মুখ্য কাৰ্যবাহী বিষয়া অনবামুথন এম পি, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহাল,  কামৰূপ(মহানগৰ) জিলাৰ আয়ুক্ত সুমিত সত্তৱানৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ অন্যান্য বিষয়ববীয়াসকলো উপস্থিত থাকে৷      

আনহাতে মন্ত্ৰী সিংহলে আজি জনতা ভৱনত গুৱাহাটীৰ ৰুক্মিণীগাঁ‌ও অঞ্চলৰ ৰাইজৰ কেইগৰাকীমান প্ৰতিনিধিৰ সৈতে অঞ্চলটোৰ কৃত্ৰিম বানৰ জটিল সমস্যাটোৰ সন্দৰ্ভত এক বিশেষ আলোচনাত মিলিত হয়। অঞ্চলটোত কৃত্ৰিম বানৰ সম্ভাব্য কাৰণ আৰু এই সমস্যাৰ সমাধান সন্দৰ্ভত তেওঁ অঞ্চলটোৰ স্থানীয় লোকসকলৰ বক্তব্য শুনাৰ লগতে প্ৰয়োজনীয় পৰামৰ্শ গ্ৰহণ কৰে। সমস্যাটোৰ গুৰু্ত্ব অনুধাৱন কৰি অঞ্চলটোৰ বান পৰিস্থিতিৰ চিৰস্থায়ী সমাধানৰ পথ অন্বেষণৰ বাবে তেওঁ পৌৰ নিগম, জিএমডিএ, লোক নিৰ্মাণ বিভাগ, জলসম্পদ বিভাগ, জিলা প্ৰশাসন তথা ৰুক্মিনীগাঁৱৰ স্থানীয় ৰাইজৰ প্ৰতিনিধিৰে এক সমিতি গঠন কৰি দিয়ে। গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত মৃণাল বৰাৰ নেতৃত্বত গঠিত এই সমিতিয়ে যৌথভাৱে ৰুক্মিণীগাঁৱৰ বানপীড়িত অঞ্চলসমূহৰ জৰীপ কৰি বান পৰিস্থিতিত অৰিহণা যোগোৱা সকলো কাৰক বিচাৰি উলিয়াব। তদুপৰি ৰুক্মিণী গাঁও অঞ্চলৰ বানপানীৰ আশংকা দূৰ কৰাৰ বাবে কমিটীয়ে তাৎক্ষণিক আৰু স্থায়ী দুয়োধৰণৰ সমাধানৰ পৰামৰ্শ আগবঢ়াব। ১০ দিনৰ ভিতৰত সমিতিখনক ইয়াৰ প্ৰতিবেদন দাখিল কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। আজিৰ আলোচনাত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব পৱিত্ৰ ৰাম খাউণ্ডৰ লগতে বিভাগীয় শীৰ্ষ বিষয়াসকলো উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment