গুৱাহাটী,২৭ জুন : এইবাৰৰ ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক বৃহস্পতিবাৰে নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। এই বৈঠকত কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহন কৰা হয়। বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্ত সমূহ সংবাদমেল যোগে সদৰি কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।
কেবিনেটৰ সিদ্ধান্ত সমূহ :
১. সৰ্বশিক্ষাৰ ৩৫ হাজাৰ বিশেষ শিক্ষক পদ সৃষ্টিৰ সিদ্ধান্ত।
২. নলবাৰীৰ ৪ধৰ্মীয় স্থানলৈ ৩ কোটিকৈ টকা দিব ৰাজ্য চৰকাৰে।
৩. ঐতিহ্যমণ্ডিত এম এন চি কলেজত আৰম্ভ হ’ব বিজ্ঞান শাখা।
৪. নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ যাবলৈ নিৰ্মাণ কৰিব উৰণসেতু।
৫. মটৰ চাইকেলত হেলমেট নিপিন্ধিলেহে ভৰিব লাগিব জৰিমনা। আন কাৰণত আপুনি ভৰিব নালাগে জৰিমনা।
৬. তিনিচকীয়া বাহনৰ ক্ষেত্ৰতো নাথাকিব জৰিমনা। তিনিচকীয়া বাহনে চাৰিবাৰ নিয়ম ভংগ কৰিলেহে ভৰিব লাগিব জৰিমনা।
৭. ড্ৰিংক এণ্ড ড্ৰাইভত থাকিব জৰিমনা।
৮. নলবাৰীত নিৰ্মাণ হ’ব অত্যধুনিক ষ্টেডিয়াম।
৯. নলবাৰী জিলাৰ অ' বি বি শিক্ষকসকললৈ দুই লাখকৈ এককালীন সাহায্য প্রদান কৰা হ’ব। ৩০ ছেপ্টেম্বৰৰ ভিতৰত লাখ টকাকৈ দিয়া হ’ব শিক্ষকসকলক।
১০. নলবাৰী জিলাত ১৯ কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ’ব।
১১. মৰাপাগলাদিয়া আৰু বুঢ়াদিয়া নৈৰ পাৰত নিৰ্মাণ কৰা হ’ব মথাউৰি।
১২. টিহু সমষ্টিত ১৬ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হ’ব।
১৩. বৰক্ষেত্রীত ৩ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হ’ব।
উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে ৰুদ্ৰাক্ষ পুলি ৰোপণেৰে নলবাৰীত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকখনৰ শুভাৰম্ভ কৰে।

0 Comments:
Post a Comment