বানপানীৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সভা
গুৱাহাটী,৭জুন : কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া অজিত শৰ্মাৰ অধ্যক্ষতাত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন সভা অনুষ্ঠিত হয়। সভাত অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে আগন্তুক সম্ভাব্য বানপানীৰ সময়ত বিভিন্ন বিভাগসমূহে ল'বলগীয়া দায়িত্বসমূহৰ কথা উল্লেখ কৰে । তদুপৰি কিছুদিন পূৰ্বে হৈ যোৱা প্ৰলয়ংকাৰী ঘূৰ্ণী বতাহ "ৰেমল"ৰ ফলত ক্ষতিগ্ৰস্ত হোৱা এলেকাসমূহৰ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে লোৱা পদক্ষেপৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া-কৰ্মচাৰীৰ শলাগ লয় । একেদৰে ধুমুহা, বানপানী, ভূমিস্খলনৰ ফলত কামৰূপ মহানগৰ জিলাৰ অধিক ক্ষতিগ্ৰস্থ হ'ব পৰা এলেকাসমূহৰ জনসাধাৰণক আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰাৰ কথা ব্যক্ত কৰে । জিলাখনৰ অধীনস্থ ৰাজহ চক্ৰ বিষয়াসকলকো যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে সাজু থাকিবলৈ আহ্বান জনায় । ইতিমধ্যে প্ৰাকৃতিক দুৰ্যোগৰ পৰা জনসাধাৰণক উদ্ধাৰৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহনী (এন ডি আৰ এফ )আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছ ডি আৰ এফ ) সাজু কৰি ৰখা হৈছে ।সভাত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সচিব হেমাশ্ৰী হাজৰিকাই সংশ্লিষ্ট বিভাগসমূহক নিজৰ নিজৰ দায়িত্ব পালন কৰিবলৈ নিৰ্দেশ দিয়ে । আজিৰ সভাত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া কৌস্তভ তালুকদাৰৰ লগতে জিলা আয়ুক্ত কাৰ্যালয়ৰ অন্যান্য বিষয়া -কৰ্মচাৰীসকল উপস্থিত থাকে।

0 Comments:
Post a Comment