মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালত পুনৰ কেবিনেট মন্ত্ৰী হিচাপে শপত ল'লে সৰ্বানন্দ সোণোৱালে



নিউজ ডেক্স,৯ জুনঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয় কাৰ্যকালৰ বাবে আজি শপত গ্ৰহণ কৰে। মোদী মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে পুনৰ স্থান লাভ কৰি অসমবাসীক গৌৰৱান্বিত কৰা সৰ্বানন্দ সোণোৱালেও আজি ঈশ্বৰৰ নামত শপত লৈ দেশমাতৃৰ প্ৰতি সমৰ্পিত সেৱা আগবঢ়াই যোৱাৰ সংকল্প লয়। সৰ্বানন্দ সোণোৱালক শপতবাক্য পাঠ কৰোৱাই দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে। সোণোৱালে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে অসমবাসী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজৰ মৰম-আশীৰ্বাদ আৰু স্বৰ্গীয় আই-পিতাইৰ স্নেহাশিস শিৰত লৈ আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐতিহাসিক তৃতীয় কাৰ্যকালৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি আনন্দিত হৈছোঁ। দেশমাতৃৰ পুনৰ সেৱা কৰাৰ অনন্য সুযোগ প্ৰদান কৰাৰ বাবে মোদীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ জনতা জনাৰ্দনে দিয়া প্ৰেৰণাক সাৰোগত কৰি মোদীৰ বলিষ্ঠ নেতৃত্বত এখন আত্মনিৰ্ভৰ, বিকশিত আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ দিশত সমৰ্পিত সেৱা আগবঢ়াই যাবলৈ সংকল্পবদ্ধ হোৱাৰ কথা সদৰি কৰে। তেওঁ লগতে উল্লেখ কৰে যে বিগত ১০ বছৰত দেশত কৰা অভূতপূৰ্ব উন্নয়নৰ বাবেই মোদীৰ প্ৰতি দেশবাসীৰ আস্থা-বিশ্বাস পূৰ্ণোদ্যমে অটুট আছে। মোদীৰ নেতৃত্বতে ভাৰত বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিলৈ ৰূপান্তৰিত হৈছে। অনাগত দিনবোৰত ভাৰতক বিশ্বৰ তিনি অৰ্থনৈতিক মহাশক্তিৰ অন্যতম হিচাপে অন্তৰ্ভুক্ত কৰাবলৈ মোদীৰ নেতৃত্বাধীন এনডিএ চৰকাৰ বদ্ধপৰিকৰ। এইক্ষেত্ৰত আমি প্ৰতিগৰাকী মন্ত্ৰীয়ে উৎসৰ্গিত মনোভাৱেৰে দেশৰ হকে কাম কৰি যাবলৈ দৃঢ় সংকল্পবদ্ধ। ভাৰতে এতিয়া শান্তি, সমৃদ্ধি, প্ৰগতিৰ এক নতুন শিখৰত আৰোহণ কৰাৰ দিশত ক্ষিপ্ৰতাৰে আগবাঢ়িব বুলি তেওঁ সদৰি কৰে।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment