গুৱাহাটী,২২ জুনঃ সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত বৃহৎ সফলতাৰে বিজেপি মিত্ৰজোঁটৰ বিজয়ী হোৱা নৱনিৰ্বাচিত সংসাদসকলৰ লগতে নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাত স্থান লাভ কৰা দুগৰাকী মন্ত্রীক আজি বাজপেয়ী ভৱনত সম্বৰ্ধনা জনোৱা হয়। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যসভাৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক বিশেষ অভিনন্দন তথা সম্বৰ্ধনা জনোৱা হয়। গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিস্থিত দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আয়োজন কৰা অভিনন্দন তথা সম্বৰ্ধনা অনুষ্ঠানত বিজেপিৰ লগতে মিত্রদলৰ নৱনিৰ্বাচিত সাংসদসকলক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু, ৰাজ্যিক সাধাৰণ সম্পাদক দীপ্লু ৰঞ্জন শৰ্মা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কামাখ্যা প্ৰসাদ তাছা, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীসকল, বিধায়ক সকল, ৰাজ্যিক বিষয়ববীয়া আৰু দলীয় কাৰ্যকর্তা সকলে অংশ গ্ৰহণ কৰে।


0 Comments:
Post a Comment