মহা অম্বুবাচী মেলা আৰম্ভ : উখল-মাখল নীলাচল পাহাৰ


গুৱাহাটী,২২ জুন : উখল-মাখল নীলাচল পাহাৰ। আজিৰে পৰা আৰম্ভ হৈছে মহা অম্বুবাচী মেলা। আজি পুৱা ৮:৪৩ মিনিটত প্ৰবৃত্তি হোৱাৰ লগে লগে বন্ধ কৰা হয় মন্দিৰ মূল দুৱাৰ।২৫ জুনলৈকে অনুষ্ঠিত হ'ব এই মেলা। আনহাতে ২৫জুন মঙ্গলবাৰে নিশা ৯:০৭ মিনিটত নিবৃত্তি অৰ্থাৎ এই বৰ্ষৰ অম্বুবাচী মেলাৰ অন্ত পৰিব। ইতিমধ্যে প্ৰতিবাৰৰ দৰে এইবাৰো মা কামাখ্যা ধামত ভিৰ কৰিছে অগণন ভক্তই। দেশৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল। ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনে অম্বুবাচী মেলাকলৈ ইতিমধ্যে গ্ৰহন কৰিছে কেতবোৰ ব্যৱস্থা। ভক্তৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰৰ দৰে এইবাৰো বিভিন্ন পদক্ষেপ গ্ৰহন কৰিছে জিলা প্ৰশাসনে। ইফালে মহানগৰ আৰক্ষীয়েও কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰে সাজু হোৱাৰ কথা জানিব পৰা গৈছে। মন্দিৰৰ সুৰক্ষা তথা ভক্তৰ নিৰাপত্তাকলৈ ৩ তৰপীয়া ব্যৱস্থা কৰা বুলি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে জানিবলৈ দিছে।



Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment