মহানগৰীত ডকাইতি কৰিবলৈ আহি পৰিল ৰাইজৰ হাতত
গুৱাহাটী,১২ জুনঃ গুৱাহাটী মহানগৰীৰ হেদায়ৎপুৰত চাঞ্চল্যকৰ ঘটনা। ডকাইতি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল এটা ডকাইত। এখন জুৱেলাৰীৰ দোকানৰ স্বত্বাধীকাৰীক স্প্ৰে মাৰি কৰিছিল দিন ডকাইতি। জুৱেলাৰীৰ স্বতাধিকাৰীয়ে চিঞৰ বাখৰ কৰাত দৌৰি পলাইছিল ডকাইটো। স্থানীয় একাংশ লোকে ধৰিব লওতে মাৰনাস্ত্ৰ দেখুৱাইছিল অভিষেশ ঠাকুৰ নামৰ ডকাইতটোৱে। কিন্তু স্থানীয় ৰাইজৰ তৎপৰতাত ধৰা পৰিল ডকাইতটো। ৰাইজে উত্তম মাধ্যম সোধাই ডকাইতটোক চমজাই দিয়ে আৰক্ষীক।


0 Comments:
Post a Comment