ট্ৰান্সজেণ্ডাৰ কল্যাণ বোর্ডৰ বৈঠকত মন্ত্রী পীযুষ হাজৰীকা
গুৱাহাটী,১২ জুনঃ আজি জনতা ভৱনৰ নিজ কাৰ্যালয়ৰ সভাকক্ষত সমাজ কল্যাণ আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ট্ৰান্সজেণ্ডাৰ কল্যাণ বোর্ডৰ এখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত ট্ৰান্সজেণ্ডাৰসকলে সন্মুখীন হৈ অহা বিভিন্ন অসুবিধা সন্দৰ্ভত আলোকপাত কৰি তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ সন্দৰ্ভত সভাখনত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

0 Comments:
Post a Comment