গুণমানযুক্ত মাছৰ দানা সুনিশ্চিত কৰিবলৈ প্ৰস্তুত কৰা হ'ব ৰাজ্যিক মৎস্য-খাদ্য নীতি : ৰাষ্ট্ৰীয় মীনপালক দিৱসত মীনমন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা



নিউজ ডেক্স,১০ জুলাই : উচ্চ প্ৰ'টিনযুক্ত, সঠিক গুণমানৰ মাছ উৎপাদনত কোনো ধৰণৰ আপোচ নকৰিবলৈ ৰাজ্যখনৰ মীনপালক সকলক আহ্বান জনাইছে মীনমন্ত্ৰী কেশৱ মহন্তই। ৰহাৰ মীন মহাবিদ্যালয়ত আজি আয়োজিত 'ৰাষ্ট্ৰীয় মীনপালক দিৱস-২০২৪'ৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিভাগীয় মন্ত্ৰীগৰাকীয়ে বৃহত্তৰ জনস্বাস্থ্যৰ স্বাৰ্থত ৰাজ্যৰ মীনপালকসকলে উন্নত মানৰ, সঠিক প্ৰটিনযুক্ত মাছ উৎপাদনত সম্পূৰ্ণ মনোনিৱেশ কৰাৰ পোষকতা কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ মীন মহাবিদ্যালয়ৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ মীন বিভাগৰ সহযোগত আয়োজিত এই অনুষ্ঠানত মন্ত্ৰী মহন্তই কয় - 'আধুনিক, বিজ্ঞানসন্মত মীনপালন পদ্ধতিৰ বহুল প্ৰয়োগ হোৱাৰ ফলত অসমত মৎস্য উৎপাদন ক্ৰমশঃ বৃদ্ধি পাই আহিছে। আনকি ৰাজ্যখন এতিয়া মৎস্য উৎপাদনত স্বনিৰ্ভৰশীল হোৱাৰ দিশতো আগবাঢ়িবলৈ লৈছে। এয়া সকলোৰে বাবে আশাৰ বতৰা। কিন্তু ইয়াৰ সমান্তৰালকৈ উৎপাদিত মাছৰ গুণগত মান সঠিক হোৱাটোও আমি সুনিশ্চিত কৰিব লাগিব। অসমৰ মানুহে বজাৰৰ পৰা নিম্ন গুণমানৰ, অতি কম প্ৰটিনযুক্ত আৰু বিষাক্ত ৰাসায়নিক পদাৰ্থ মিহলি কৰা মাছ যদি কিনি খাব লগা হয়, তেন্তে ৰাজ্যবাসীৰ বাবে সেয়া বৰবিহ খোৱাৰ সমতুল্য হ'ব। গতিকে অসমৰ বজাৰত উপলব্ধ আৰু অসমত উৎপাদিত মাছৰ গুণগত মান উন্নত হ'বই লাগিব। জাতীয় স্বাৰ্থত জনস্বাস্থ্যৰ স্বাৰ্থত তথা ভৱিষ্যত প্ৰজন্মৰ স্বাস্থ্যৰ নিশ্চয়তাৰ স্বাৰ্থত এই দিশটোকলৈ আমি কোনেও আপোচ কৰা উচিত নহ'ব।' প্ৰটিনৰ উপাদান নথকা অতি নিম্নমানৰ মাছৰ দানা ব্যৱহাৰৰ ফলত উৎপাদিত মাছৰ গুণগত সঠিক নহয় বুলি তেওঁ আক্ষেপ কৰে। সেয়ে উপযুক্ত মাছৰ দানা ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়াই মন্ত্ৰী মহন্তই মীনপালকসকল উদ্দেশ্যি এইক্ষেত্ৰত অলপো আপোচ নকৰিবলৈ আহ্বান জনায়। ৰাজ্যখনত উৎপাদিত মাছৰ গুণগত মান সঠিক হোৱাৰ স্বাৰ্থত ৰাজ্য চৰকাৰে বজাৰত উপলব্ধ মাছৰ দানা সঠিক গুণমানৰ হোৱাটো নিশ্চিত কৰিবলৈ শীঘ্ৰে 'ৰাজ্যিক মৎস্য-খাদ্য নীতি' প্ৰস্তুত কৰিব বুলি অনুষ্ঠানত মন্ত্ৰী মহন্তই ঘোষণা কৰে। একেদৰে ৰাজ্যিক মীন আইনখনো সময়সাপেক্ষ কৰি সংশোধন ঘটোৱাৰ বিষয়েও মীন বিভাগে চিন্তা কৰা বুলি তেওঁ দোহাৰে। তেওঁ লগতে কয় - 'মীনখণ্ড অসমৰ গ্ৰাম্য অৰ্থনীতিৰ এক অন্যতম প্ৰধান চালিকা শক্তি। আমাৰ চৰকাৰে ৰাজ্যখনত মীন উৎপাদন বৃদ্ধিত বিশেষ গুৰুত্ব আৰোপ কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি অসমক মৎস্য উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল ৰাজ্য ৰূপে গঢ়ি তোলাৰ প্ৰয়াস কৰিছো।' 

মীনমন্ত্ৰী মহন্তই ৰাজ্যখনক নীল বিপ্লৱৰ পথেৰে আগুৱাই নিয়াত বিশেষ অৰিহণা আগবঢ়োৱাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ মীন মহাবিদ্যালয়ৰ লগতে ৰাজ্যৰ প্ৰতিগৰাকী মীনপালকৰ শলাগ লৈ ৰাষ্ট্ৰীয় মীনপালক দিৱসৰ ওলগ জনায়। উল্লেখ্য যে ৰাষ্ট্ৰীয় মীনপালক দিৱসৰ এই অনুষ্ঠানত ৰহাৰ বিধায়ক শশীকান্ত দাস, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ড° বিদ্যুত চন্দন ডেকা, মীন বিভাগৰ সচিব ড° কাব্যশ্ৰী মহন্ত, মীন সঞ্চালক গৌৰী শঙ্কৰ দাস, ৰহা মীন মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ড° প্ৰদীপ চন্দ্ৰ ভূঞা আৰু নাবাৰ্ডৰ অতিৰিক্ত মহা প্ৰবন্ধক শংকৰ দাসেও অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে ৰাজ্যত নীল বিপ্লৱৰ সৃষ্টিত অৰিহণা যোগোৱা তিনিগৰাকী প্ৰগতিশীল মীন পালক আৰু এগৰাকী সহায়কাৰীক মানপত্ৰ আৰু গামোচাৰে সন্মানিত কৰা হয়। তদুপৰি, প্ৰগতিশীল মীন পালকৰ চাৰিটা গোটৰ মাজত লাচিম আৰু ভাঙোন মাছৰ পোনাও বিতৰণ কৰা হয়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment