উত্তৰ-পূৰ্বাঞ্চলৰ নগৰ উন্নয়ন মন্ত্ৰীসকলৰ সৈতে পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল



গুৱাহাটী,৯ জুলাইঃ কেন্দ্ৰীয় শক্তিমন্ত্ৰী তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছত পোন-প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণলৈ অহা কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লালে নিজৰ দুদিনীয়া ভ্ৰমণসূচীৰ আজি দ্বিতীয় দিনা মহানগৰীৰ হোটেল ৰেডিশ্যন ব্লুত উত্তৰ-পূৰ্বাঞ্চলৰ নগৰ উন্নয়ন মন্ত্ৰীসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত উত্তৰ-পূবৰ ৰাজ্যসমূহত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনৰ বিভিন্ন আঁচনিসমূহৰ ৰূপায়ণৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে অঞ্চলটোৰ নগৰসমূহৰ সামগ্ৰিক বিকাশ আৰু নগৰীয়া আন্তঃগাঁথনিৰ বহনক্ষম উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু কাৰ্যসূচীৰ সন্দৰ্ভত আলোচনা কৰা হয়। অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰি ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে কয় যে ধাৰণা অনুসৰি ২০৪৭ চনৰ ভিতৰত ভাৰতৰ প্ৰায় আধাসংখ্যক জনসংখ্যাই চহৰ অঞ্চলত বাস কৰিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সক্ৰিয় উন্নয়নমূলক কাৰ্যসূচীৰ দ্বাৰা পৰিচালিত হৈ উত্তৰ-পূৰ্বাঞ্চলৰ বাকী অংশৰ লগতে অসমো দ্ৰুতগতিত নগৰীকৰণৰ দিশে আগবাঢ়িছে। অসমত নগৰায়ন দ্ৰুত গতিত বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ই চৰকাৰৰ সন্মুখত সুযোগ আৰু প্ৰত্যাহ্বান দুয়োটাৰে সৃষ্টি কৰিছে। নগৰীকৰণৰ এই বৃদ্ধি ফলপ্ৰসূ আৰু বহনক্ষমভাৱে পৰিচালনা কৰাৰ উদ্দেশ্যে অসমৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে বহনক্ষম নগৰীকৰণ আৰু বৰ্ধিত নাগৰিক সুবিধাৰ বাবে এক সুদৃঢ় ভেটি স্থাপন কৰি বহুসংখ্যক সংস্কাৰমূলক কাৰ্যসূচী হাতত লোৱাৰ কথা তেওঁ অৱগত কৰে। মন্ত্ৰী সিংহলে কয় যে নগৰ উন্নয়ন বিভাগ আৰু গুৱাহাটী উন্নয়ন বিভাগক একত্ৰিত কৰি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ হিচাপে পুনৰ্গঠনৰ সমান্তৰালভাৱে বিভিন্ন নগৰ পৰিকল্পনা আঁচনি (টিপিএছ) আৰু লেণ্ড পুলিং প্ৰৱৰ্তন, গৃহ-নিৰ্মাণ উপ-বিধিৰ আধুনিকীকৰণ, হস্তান্তৰযোগ্য উন্নয়ন অধিকাৰ (টিডিআৰ) প্ৰৱৰ্তন, পৌৰ নিকায়সমূহৰ কৰ সংগ্ৰহ ব্যৱস্থাৰ উন্নতি, অসম নগৰ আন্তঃগাঁথনি উন্নয়ন আৰু বিত্ত নিগম লিমিটেড স্থাপন আদি কাম-কাজৰ সুচাৰু ৰূপায়ণৰ জৰিয়তে ৰাজ্যখনে ৯৩০ কোটি টকাৰ বিশেষ কেন্দ্ৰীয় পুঁজি লাভ কৰিবলৈ সক্ষম হৈছে। সেইদৰে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেড, অম্ৰুট মিশ্যন, স্বচ্ছ ভাৰত মিশ্যন, জল বৰ্ড, প্ৰধানমন্ত্ৰী স্ব-নিধি আদি বিভিন্ন আঁচনিৰ অধীনত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপেৰে ৰাজ্যৰ নগৰাঞ্চলৰ নাগৰিকসকলৰ জীৱন-ধাৰণৰ মান উন্নীত কৰাৰ বাবে ৰাজ্য চৰকাৰে নিষ্ঠাৰে কাম কৰি আছে বুলি তেওঁ অৱগত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ-পূবক “অষ্টলক্ষ্মী” হিচাপে অভিহিত কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত উত্তৰ-পূবৰ ৰাজ্যসমূহেও নিজৰ নগৰসমূহৰ দ্ৰুত উন্নয়ন, জনসাধাৰণৰ বহনক্ষম আৰ্থ-সামাজিক বিকাশ আৰু আধুনিক, আত্মনিৰ্ভৰ তথা বিকশিত উত্তৰ-পূব গঢ়াৰ দিশত অক্লান্তভাৱে কাম কৰি যাবলৈ বদ্ধপৰিকৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগতে ৰাজ্যখনত ৰূপায়িত নগৰ উন্নয়ন পদক্ষেপসমূহৰ দ্ৰুত আৰু ফলপ্ৰসু ৰূপায়ণৰ বাবে তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মন্ত্ৰালয়ৰ পৰা অধিক সহায়-সহযোগ কামনা কৰে। বৈঠকত অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব পৱিত্ৰ ৰাম খাউণ্ডে বিভাগৰ কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সন্মুখত এক বিতং প্ৰেজেণ্টেশ্যন দাঙি ধৰে।উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ৰূপায়িত নগৰ উন্নয়ন আঁচনিসমূহৰ অগ্ৰগতিৰ বিস্তৃত পৰ্যালোচনাত অংশ লৈ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লালে কয় যে ভাৰতবৰ্ষৰ নগৰীয়া আন্তঃগাঁথনিৰ ৰূপান্তৰ সাধনৰ সমান্তৰালভাৱে উত্তৰ-পূবৰ জনসাধাৰণৰ বাবে এক উজ্জ্বল আৰু বহনক্ষম ভৱিষ্যত নিশ্চিত কৰিবলৈ তেওঁৰ মন্ত্ৰালয় প্ৰতিশ্ৰুতিবদ্ধ।

উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি পুৱা উত্তৰ-পূৰ্বাঞ্চলৰ শক্তি মন্ত্ৰীসকলৰ সৈতেও এক বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও এক আলোচনাত মিলিত হয়। নগৰ উন্নয়ন মন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকৰ পাছতেই দুদিনীয়া অসম তথা উত্তৰ-পূব ভ্ৰমণ সামৰি তেওঁ ঝাৰখণ্ডলৈ উৰা মাৰে। আজিৰ এই কাৰ্যসূচীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ নগৰ উন্নয়ন মন্ত্ৰী অথবা তেওঁলোকৰ প্ৰতিনিধিসকল, হাডকো আৰু এনবিচিচি-ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক তথা অন্যান্য বিষয়াসকলৰ লগতে কেন্দ্ৰীয় আৰু উত্তৰ-পূবৰ ৰাজ্য চৰকাৰসমূহৰ জ্যেষ্ঠ বিভাগীয় বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment