হায়দৰাবাদৰ নালছাৰ আইন বিশ্ববিদ্যালয়ত “সংসদৰ ৰাজনীতি” বিষয়ক বক্তৃতানুষ্ঠানত সাংসদ গৌৰৱ গগৈ



গুৱাহাটী,১১ জুলাইঃ “সংসদত প্ৰতিজন সাংসদে শালীনতা আৰু পাৰস্পৰিক সন্মান বজাই ৰখাৰ প্ৰয়োজনীয়তা নিশ্চিত কৰিব লাগে যাতে প্ৰতিজন সদস্যৰ কণ্ঠ আৰু মতামতৰ বৈচিত্ৰ্য সুৰক্ষিত হয় আৰু তেওঁলোক উৎসাহিত হয়।” — হায়দৰাবাদৰ নালছাৰ আইন বিশ্ববিদ্যালয়ত “সংসদৰ ৰাজনীতি” বিষয়ক বক্তৃতা প্ৰদান কৰি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে সংসদৰ গৰিমা আৰু ঐতিহ্য অটুট ৰখাৰ বিভিন্ন দিশ আলোকপাত কৰে। বুধবাৰে আইন বিশ্ববিদ্যালয়খনত “সংসদৰ ৰাজনীতি” শীৰ্ষক আকৰ্ষণীয় বিষয়টোৰ ওপৰত বক্তৃতা প্ৰদানৰ সময়ত যোৰহাটৰ সাংসদ গৰাকীয়ে  সাংসদৰ দায়বদ্ধতা আৰু সাংসদ সকলে বিভিন্ন বিষয় আৰু দিশৰ প্ৰণালীবদ্ধ অধ্যয়ন-গৱেষণাৰ জৰিয়তে জনসাধাৰণৰ কল্যাণ সাধনৰ লগতে সমাজ তথা দেশৰ সামগ্ৰীক বিকাশ নিশ্চিত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিব লগা ভূমিকা উল্লেখ কৰে ৷ দেশৰ এগৰাকী জনপ্ৰিয় যুৱ নেতা গৌৰৱ গগৈয়ে তেওঁৰ বক্তৃতাত জনসাধাৰণৰ অনুভূতিৰ প্ৰতি সংসদৰ সংবেদনশীলতাৰ প্ৰসংগ উল্লেখ কৰি কয় যে জনসাধাৰণৰ অনুভূতিৰ প্ৰতি আমাৰ সংসদ   সংবেদনশীল হ’ব লাগে ৷ বিশেষকৈ নাগৰিকত্ব সংশোধনী আইনৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব সাংঘাতিক। নালছাৰ আইন বিশ্ববিদ্যালয়ৰ এই বক্তৃতানুষ্ঠানত উপস্থিত প্ৰতি গৰাকী দৰ্শন শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি ৰখা সাংসদ গগৈয়ে স্থানীয় চৰকাৰ সমূহক সবলীকৰণ, সংসদীয় পদ্ধতিৰ সংস্কাৰ, বিৰোধীৰ ভূমিকা আৰু আন বহুতো বিষয়ৰ ওপৰতো  উৎসাহী আৰু জিজ্ঞাসাৰে পৰিপূৰ্ণ যুৱ চামৰ  সৈতে মত বিনিময় কৰে ৷ বক্তৃতা আৰু কথোপকথনত লোকসভাৰ প্ৰাক্তন বিৰোধী উপ দলপতি গৰাকীয়ে তেওঁ সংসদত লাভ কৰা শিক্ষা তথা অভিজ্ঞতা অতি সংবেদনশীলতাৰে উপস্থাপন কৰে। বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক সম্বোধন কৰি সংসদৰ পৰা পোৱা শিক্ষা আৰু তাৰ বিভিন্ন প্ৰতিফলনে কিদৰে তেওঁক সংসদীয় ব্যৱস্থাৰ প্ৰতি আৰু জনসাধাৰণৰ প্ৰতি দায়বদ্ধ কৰি তুলিছে তাৰো আলোকপাত কৰে ৷ উন্নত নীতি ৰূপায়নৰ বাবে স্থানীয় সংস্থাসমূহক (নগৰ আৰু গ্ৰাম্য) শক্তিশালী কৰি তোলা আৰু অধিকাৰ প্ৰদান  কৰাৰ প্ৰয়োজন বিশদভাৱে ব্যাখ্যা কৰে ৷ সংসদ আৰু বিধানসভাৰ বৈঠকৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আৰু আইনসভাৰ দ্বাৰা বিষয়বোৰৰ সমাধানৰ পৰিসৰ বৃদ্ধি কৰা, সংসদৰ স্থায়ী সমিতিবোৰক আইন পৰীক্ষা কৰাৰ অনুমতি দিয়াৰ বাবে তেওঁলোকক ক্ষমতা প্ৰদান কৰাৰ প্ৰয়োজনীয়তা, বিভিন্ন সংস্থাক জবাবদিহি কৰা আৰু সংসদলৈ গুৰুত্বপূৰ্ণ পৰামৰ্শ  প্ৰদান কৰা ইত্যাদি বিষয়েও সাংসদ গগৈৰ বক্তৃতাত ঠাই পায়। সংসদত আটাইতকৈ দীঘলীয়া সেৱা আগবঢ়োৱা সংসদক প্ৰ'টেম  অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ পৰম্পৰাক সন্মান জনোৱাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত সাংসদ গৰাকীয়ে তেওঁৰ অনুভৱ ব্যক্ত কৰে ৷ উন্নত প্ৰশাসন আৰু সেৱা উৎসৰ্গাৰ বাবে  সকলো নিৰ্বাচিত প্ৰতিনিধিক পৰ্যাপ্ত পৰিমাণে উৎস, অধিকাৰ,  সচিবালয় আৰু গৱেষণা সহায়ক প্ৰদান কৰা, শাসক আৰু বিৰোধী দল দুয়োকে সমান স্থান আৰু গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজনীয়তা ইত্যাদি দিশো বক্তৃতাত বিশ্লেষণ কৰে গৌৰৱ গগৈয়ে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment