দুৰ্ঘটনামুক্ত পৰিবেশত গুৰুত্ব আৰোপ জিলা আয়ুক্ত সুমিত ছাত্তাৱান


গুৱাহাটী,১২ জুলাই : কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ অধ্যক্ষতাত আজি জিলা পথ-সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় ৷ কামৰূপ মহানগৰ জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা, সহকাৰী আয়ুক্ত ৰিচি বন্দনা গগৈ,পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস, আৰক্ষীৰ যানবাহন শাখাৰ উপ-আয়ুক্ত জয়ন্ত সাৰথি বৰা, জিলা পথ-সুৰক্ষা সমিতিৰ সদস্য সচিব-অভিযন্তা হেমন্ত দেউৰী ভৰালী, আৱকাৰী অধীক্ষক দেৱজিৎ নাথ, প্ৰৱৰ্তক পৰিদৰ্শক বিক্ৰমাদিত্য গগৈ, যানবাহন পৰিদৰ্শক পংকজ দাসকে ধৰি এনএইচএআই, লোকনিৰ্মাণ, স্বাস্থ্য, শিক্ষা আদি বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত  গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হয় । বৈঠকৰ আৰম্ভণিতে বিগত সময়ত মহানগৰ জিলাখনৰ পথ-সুৰক্ষা সন্দৰ্ভত গ্ৰহণ কৰা পদক্ষেপ সমূহৰ কাৰ্যপন্থা সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। কামৰূপ মহানগৰ জিলাত বিগত তিনিমাহত পূৰ্বতকৈ পথ-দুৰ্ঘটনা হ্ৰাস পোৱাত জিলা আয়ুক্তগৰাকীয়ে আগন্তুক দিনত মহানগৰীৰ ৰাজপথত দুৰ্ঘটনামুক্ত পৰিবেশ আৰু অধিক সুৰক্ষিত যাতায়াত বাহাল ৰখাৰ স্বাৰ্থত পথ-সুৰক্ষাৰ লগত জড়িত বিভাগসমূহক অতি দায়বদ্ধতাৰে সেৱা আগবঢ়াবলৈ আহ্বান জনায়। তদুপৰি দুৰ্ঘটনাৰ সম্ভাৱনা থকা এলেকাৰ ডিভাইডাৰসমূহত পাৱাৰযুক্ত ষ্ট্ৰীট লাইট সংযোগ কৰা, প্ৰয়োজনীয় স্থানসমূহত পেডেষ্ট্ৰিয়ান ক্ৰছিঙৰ ব্যৱস্থা কৰাকে ধৰি মহানগৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানকে ধৰি জালুকবাৰী, খানাপাৰা আদিৰ উৰণীয়া সেঁতুৰ সমীপত অবৈধভাৱে গঢ় লৈ উঠা দোকান-বজাৰ উচ্ছেদ কৰি ৰাজধানী চহৰখনত শৃংখলাবদ্ধ আৰু মানসম্পন্ন সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তুলিবলৈ আহ্বান জনায়। আজিৰ বৈঠকত “চেভ লাইফ” ফাউণ্ডেচনে পথ-সুৰক্ষাৰ বাবে ল’বলগীয়া সজাগতাৰ উপৰি মহানগৰৰ বিভিন্ন এলেকাৰ ৰাষ্ট্ৰীয় ঘাই পথত দুৰ্ঘটনাৰ আশংকা থকা স্থানসমূহ পাৱাৰ প্ৰেজেন্টটেশ্যন  পদ্ধতিৰে প্ৰদৰ্শন কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment