গুৱাহাটী,১৭ জুলাই : গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি জনতা ভৱনত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত অম্ৰুট ১.০ আৰু অম্ৰুট ২.০ মিছনৰ অধীনত অসমৰ বিভিন্ন চহৰত ৰূপায়ণ হৈ থকা নগৰীয়া পানী যোগান প্ৰকল্পসমূহৰ বিস্তৃত পৰ্যালোচনা কৰে। বৈঠকত বিভাগীয় বিষয়া-অভিযন্তা সকল তথা এই প্ৰকল্পসমূহত নিয়োজিত ঠিকাদাৰসকলে অংশগ্ৰহণ কৰে। পৰ্যালোচনাকালত মন্ত্ৰী সিংহলে স্থানীয় ৰাইজে জীৱন-যাত্ৰাত সন্মুখীন হোৱা অসুবিধা ন্যূনতম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি পানীযোগানৰ পাইপ পোতাৰ কাম-কাজ খৰালিৰ সময়ছোৱাত সম্পন্ন কৰিবলৈ ঠিকাদাৰসকলক নিৰ্দেশ দিয়ে। এইক্ষেত্ৰত পথ খনন আৰম্ভ কৰাৰ পূৰ্বে ঠিকাদাৰসকলে স্থানীয় ৰাইজ আৰু জনপ্ৰতিনিধিসকলৰ সৈতে আলোচনাত মিলিত হৈ তেওঁলোকৰ সহযোগিতা নিশ্চিত কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। পাইপ পোতাৰ পাছত পথ পুনৰ্নিমাণৰ কাম ৭-১০ দিনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ ব্যৱস্থা লবলৈও তেওঁ ঠিকাদাৰ সকলক নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে অম্ৰুটৰ পৰিচালন সঞ্চালকক ঠিকাদাৰসকলৰ বাবে প্ৰকল্পৰ ৰূপায়ণ সুশৃংখলিত কৰাৰ বাবে আৰু গুণগত মান অক্ষুন্ন ৰখাকৈ এক বিশদ মানক পৰিচালনা পদ্ধতি (এছঅ’পি) প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে ৰাজ্যখনত সম্প্ৰতি অম্ৰুট ১.০ৰ অধীনত নগাঁও, ডিব্ৰুগড়, আৰু শিলচৰ চহৰত পানী যোগান প্ৰকল্প চলি আছে। এই প্ৰকল্পকেইটাৰ ব্যয় হৈছে ক্ৰমে ২৩৮.৩৩ কোটি, ১৯৩.৯৩ কোটি আৰু ১৭৭.৪৭ কোটি টকা। আনহাতে অম্ৰুট ২.০ৰ অধীনত পানী যোগান আঁচনিৰ বাবে মুঠ ২৪খন চহৰ বাছনি কৰা হৈছে আৰু ইতিমধ্যে ইয়াৰে ১৩খন চহৰত কাম কৰাৰ আদেশ (ৱৰ্ক অৰ্ডাৰ) জাৰি কৰা হৈছে। এই চহৰসমূহ হৈছে টংলা, ঢেকীয়াজুলি, উত্তৰ লখিমপুৰ, বিহপুৰীয়া, তেজপুৰ (প্ৰথম পৰ্যায়), কোকৰাঝাৰ, তিনিচুকীয়া, যোৰহাট, লক্ষীপুৰ (কাছাৰ), শিলচৰ (দ্বিতীয় পৰ্যায়), বিলাসীপাৰা, ৰঙিয়া আৰু মাৰ্ঘেৰিটা। ইয়াৰ উপৰি আন ১১খন পানী যোগান আঁচনি, যেনে টংলা (দ্বিতীয় পৰ্যায়), বিশ্বনাথ চাৰিআলি, হোজাই, সোণাৰি, শিৱসাগৰ, মা কামাখ্যা, আমগুৰি, লংকা, হাফলং, লামডিং (প্ৰথম পৰ্যায়)আৰু লামডিং (দ্বিতীয় পৰ্যায়)ত প্ৰকল্প ৰূপায়ণৰ প্ৰাৰম্ভিক পৰ্যায়ত আছে। এই অভিলাষী নগৰ উন্নয়ন পদক্ষেপ সমূহৰ ফলপ্ৰসূ আৰু কাৰ্যক্ষম ৰূপায়ণৰ বাবে অভিযন্তা আৰু প্ৰকল্পৰ অংশীদাৰসকলক নতুন প্ৰযুক্তি আকোৱালি লোৱাত গুৰুত্ব আৰোপ কৰিবলৈ মন্ত্ৰী সিংহলে আহ্বান জনায়।
অম্ৰুট মিছনৰ অধীনত ৰাজ্যৰ বিভিন্ন চহৰত ৰূপায়িত পানী যোগান প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ

0 Comments:
Post a Comment