গুৱাহাটী,১৬ জুলাই : নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা'ৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ সদৌ অসম ছাত্র সন্থাৰ। ৰাজ্যজুৰি আজি সদৌ অসম ছাত্র সন্থা চমুকৈ আছুৱে 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এই সন্দৰ্ভত অসম চৰকাৰে জাৰি কৰা জাননীৰ প্ৰতিলিপি দাহ কৰে। গুৱাহাটী মহানগৰীতো 'কা'ৰ জাননী দাহ কৰি আছুৱে প্ৰতিবাদ সাব্যস্ত কৰে। শ্বহীদ ন্যাসৰ সমীপত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই সন্দৰ্ভত আছুৰ সভাপতি উৎপল শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্রীক প্ৰত্যাহ্বান জনায়। উল্লেখ্য যে সোমবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই 'কা'ৰ জৰিয়তে আঠ জন লোকেহে আবেদন জনোৱাৰ কথা সদৰি কৰি 'কা' আন্দোলনৰ পাঁচজন শ্বহীদৰ প্ৰসংগ উল্লেখ কৰিছিল। এই সন্দৰ্ভত আছুৰ সভাপতিগৰাকীয়ে কয় যে 'কা' অসমত অপ্ৰাংগিক, অদৰকাৰী, অলাগতীয়াল সেই কথাটো স্পষ্ট হৈছে। গতিকে মুখ্যমন্ত্রীয়ে কেন্দ্ৰীয় গৃহমন্ত্রীক আশ্বস্ত কৰাব লাগে যে 'কা'খন অসমৰ বাবে অপ্ৰাংগিক আৰু যাৰ বাবে অসমৰ পৰা 'কা'খন উঠাই দিব লাগে। এইটো মুখ্যমন্ত্রীলৈ মুকলি আহ্বান আৰু প্ৰত্যাহ্বান বুলি সদৰি কৰি তেওঁ কয় যে এফালে আঠজনে আবেদন কৰাৰ কথা কৈছে আৰু আনফালে অসম আৰক্ষীক নিৰ্দেশ দিছে যে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগত লোকসকলৰ গোচৰসমূহ ন্যায়াধিকৰণলৈ পঠাব নালাগে। আনকি ন্যায়াধিকৰণত চলি থকা গোচৰ সমূহ হ'ল্ড কৰি ৰখাৰ কথাও মুখ্যমন্ত্রীয়ে কৈছে বুলি তেওঁ সদৰি কৰে। অৰ্থাৎ চৰকাৰে দুৱাৰ মুকলি কৰি দিলে আৰু এই কথা অসমৰ ৰাইজে উপলব্ধি কৰা ভাল বুলি উল্লেখ কৰি তেওঁ কয় যে 'কা'ৰ জৰিয়তে আবেদন কৰাৰ সংখ্যাটো মুখ্যমন্ত্রী কৈ আছে যদিও ২০১৪ চনৰ আগত যিসকলৰ গোচৰ চলি আছে তেওঁলোকৰ বাবে দুৱাৰ মুকলি হৈ গ'ল। তেওঁলোক অবৈধ হিন্দু বাংলাদেশী হ'লেও 'কা' যোগেদি আবেদন কৰি নাগৰিকত্ব লাভ কৰিব পাৰিব। সেই ৰাস্তাটো যে খোল খাই গ'ল সেই কথাটো মুখ্যমন্ত্রীয়ে স্পষ্টভাৱে কোৱা উচিত। তেওঁ লগতে কয় যে প্ৰশ্ন সংখ্যাৰ নহয়, প্ৰশ্ন স্বাভিমানৰ। ঐতিহাসিক অসম আন্দোলন আৰু ৮৬০ গৰাকী শ্বহীদৰ বিনিময়ত অসম চুক্তি হৈছিল। সেই চুক্তিৰ ভিত্তিত এটা ভিত্তিবৰ্ষ দিয়া হৈছিল। অসমে ১৯৭১ চনলৈ বোজা বহন কৰি লৈছিল আৰু সেই ভিত্তিবৰ্ষত চুক্তি কৰিছিল। অসম চুক্তি হোৱাৰ তিনিটা দশকৰ পাছত পুনৰ ৪৩ বছৰৰ বোজা জাপি দিব বিচৰাত ৰাজপথৰ আন্দোলন হৈছে। এই আন্দোলনত পাঁচজনকৈ শ্বহীদ হৈছে। তাৰ পিছত মুখ্যমন্ত্রীয়ে সংখ্যাৰ হিচাপ দেখুৱাই কোনো লাভ নাই বুলি সদৰি কৰি তেওঁ কয় যে এইটো স্বাভিমান আৰু অস্তিত্বৰ প্ৰশ্ন। তেওঁ স্পষ্টভাৱে কয় যে ১৯৭১ চনৰ পাছৰ এজনৰো বোজা অসমে কোনো কাৰণতে নলয়। 'কা'ৰ বিৰুদ্ধে ৰাজপথৰ প্ৰতিবাদ আৰু আইনী যুঁজ সমান্তৰালভাৱে চলি থাকিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে। আজি ৰাজ্যজুৰি জাননী দাহ কৰি আছুৱে প্ৰতিবাদ সাব্যস্ত কৰে।
'কা'ৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ, চৰকাৰে জাৰি কৰা জাননীৰ প্ৰতিলিপি দাহ কৰি বিক্ষোভ

0 Comments:
Post a Comment