ৰাজ্যত আপৰ সাংগঠনিক তৎপৰতা বৃদ্ধি
গুৱাহাটী,১৯ জুলাই : শেহতীয়া ভাৱে ৰাজ্যত বৃদ্ধি পাইছে আম আদমী পাৰ্টিৰ সাংগঠনিক কাম-কাজ। ৰাজ্যজুৰি আপৰ দলীয় সাংগঠনিক ভেটি শক্তিশালী ৰূপত গঢ়ি তোলাৰ উদ্দেশ্যে দলীয় কৰ্মকৰ্তা সকলে ধাৰাবাহিক ভাৱে সভা-সমিতি অনুষ্ঠিত কৰিছে। আপৰ শীৰ্ষ নেতৃত্বই চলিত জুলাই মাহৰ ভিতৰতে দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক কমিটি গঠন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ৰাজ্যখনত আগন্তুক দিনত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচন আৰু ২০২৬ চনৰ বিধান সভা নিৰ্বাচনক লক্ষ্য হিচাপে লৈ ইতিমধ্যে ৰাজ্যৰ সকলো জিলাতে আপৰ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিছে। সদস্য ভৰ্তি অভিযানৰ লগে লগে অনুষ্ঠিত কৰা হৈছে আপৰ কৰ্মকৰ্তা সন্মিলন। সেই অনুসৰি ২০ জুলাইত পশ্চিম কাৰ্বি আংলং আৰু দৰং জিলাত আপৰ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হ'ব। দৰঙৰ মঙলদৈ সাহিত্য সভা ভৱনত অনুষ্ঠিত হ'ব আপৰ জিলা সন্মিলন । মঙলদৈত অনুষ্ঠিত হ'বলগীয়া কৰ্মকৰ্তা সন্মিলনত অংশ গ্ৰহণ কৰিব দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, ৰাজ্যিক ৱৰ্কিং কমিটীৰ আহ্বায়ক ডাঃ ভবেন চৌধুৰী আৰু দলৰ নেত্ৰী অনুৰূপা ডেকাৰজাই । আনহাতে, অহা ২১ জুলাইত হোজাইত আৰু ২৭ জুলাইত গোলাঘাটত অনুষ্ঠিত হ'ব আপৰ গোলাঘাট জিলা কৰ্মকৰ্তা সন্মিলন। আপৰ গণভিত্তি শক্তিশালী কৰাৰ ক্ষেত্ৰত দলৰ এই কাৰ্যসূচী সমূহ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

0 Comments:
Post a Comment