লখিমপুৰৰ নাওবৈছা বিদ্যুৎ সংমণ্ডলৰ কাণ্ড : মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশ, তদন্তৰ নিৰ্দেশ
লখিমপুৰ,২০ জুলাই : লখিমপুৰ জিলাৰ অন্তৰ্গত নাওবৈছা বিদ্যুত উপ-সংমণ্ডলৰ এছ ডি অ' ৰীমা দাসৰ নেতৃত্বত বিদ্যুত বিল আদায় কৰিবলৈ বুধবাৰে এদল কৰ্মচাৰীয়ে পিলখানা কমলপুৰৰ ৬০বছৰ উদ্ধৰ প্ৰভাত বৰা নামৰ ব্যক্তিজনৰ ঘৰত উপস্থিত হৈ বৰ্ষীয়ান ব্যক্তিজনক অপদস্থ কৰা ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দিন হাজিৰা কৰা বৰাই বৰ্তমান অনাদায় হৈ থকা বিল তেওঁ পৰিশোধ কৰিব পৰা অৱস্থাত নাই বুলি কৈ বিভাগৰ পৰা কিছুদিনৰ সময় বিচাৰে যদিও জেষ্ঠ নাগৰিক প্ৰভাত বৰাক অপদস্থ কৰে এছ ডি অ'ৰ লগত যোৱা দলটোৱে। অতি অমানৱীয়ভাৱে দলটোৱে বৰাৰ ঘৰৰ বিদ্যুত সংযোগ কৰ্তন কৰি বিদ্যুত সংযোগী তাঁৰডাল গুৰি চপাই কাটি পেলায়। ইয়াতে ক্ষান্ত নাথাকি বিভাগৰ লোকে বিদ্যুতৰ তাঁৰডাল লগত লৈ যাব লওতে প্ৰভাত বৰাই তাঁৰডাল নিনিব লৈ বুকুত সাৱটি ধৰি প্ৰাৰ্থনা জনাই যদিও ৰীমা দাসৰ অন্তৰ নগলিল। বিল আদায় কৰিবলৈ যোৱা দলটোৱে অতি অমানৱীয় ভাবে তাঁৰৰ সৈতে বৰাক বহুদুৰ চুঁচৰাই লৈ যায়। এই দৃশ্য বিভিন্ন মাধ্যমত ভাইৰেল পৰে। শুক্ৰবাৰে আছু আৰু এ জে ৱাই চি পিৰ শতাধিক নেতা কৰ্মীয়ে নাওবৈচাৰ বিদ্যুৎ উপসংমণ্ডলত এছ ডি অ' ৰীমা দাসক ঘেৰাও কৰি ৰাজহুৱা ভাৱে জবাবদিহি কৰাৰ লগতে বিল আদায় কৰিবলৈ যোৱা গ্ৰাহক অত্যাচাৰী দলটোৰ ওপৰত ব্যৱস্থাৰ গ্ৰহণ বাবে চক্ৰ বিষয়া জৰিয়তে এপিডিচিএলৰ সঞ্চালকলৈ এক স্মাৰক পত্ৰ চক্ৰ বিষয়াৰ জৰিয়ত প্ৰেৰণ কৰে। এই ঘটনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে প্রকাশিত বাতৰিটোৰ ওপৰত প্ৰতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰৰ জিলা আয়ুক্তক বিষয়টোৰ তদন্ত কৰিবলৈ নিৰ্দেশ প্রদান কৰিছে। তদন্তত যদিহে এপিডিচিএলৰ কৰ্মীয়ে অভব্য আচৰণ কৰাটো পোহৰলৈ আহে তেন্তে ইয়াৰ বিৰুদ্ধে যথোচিত ব্যৱস্থা গ্রহণ কৰা হ'ব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ অভিযান চলোৱা কালত মানবীয় দৃষ্টিভংগী গ্ৰহণ কৰাৰ লগতে এই কার্যত নিয়োজিত এপিডিচিএলৰ বিষয়া-কর্মচাৰীসকলক ভদ্র আচৰণ অক্ষুণ্ণ ৰাখিবলৈও নির্দেশ দিয়ে।

0 Comments:
Post a Comment