গুৱাহাটী,২৭ জুলাই : যোৰহাটলৈ দিল্লীৰ পৰা সম্প্ৰতি কোনো পোনপটীয়া বিমান সেৱা নথকাৰ বিষয়টোক লৈ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে ১ জুলাইত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰাম মোহন নাইডুক সাক্ষাৎ কৰিছিল। উক্ত সাক্ষাতকালত সাংসদগৰাকীয়ে মন্ত্ৰীগৰাকীক সোনকালে যোৰহাট-দিল্লীৰ মাজত বিমান সেৱা পুনৰ আৰম্ভ কৰিবলৈ আহ্বান জনাই কয় যে ইয়াৰ ফলত এই অঞ্চলৰ ৰাইজৰ দিল্লী ভ্ৰমনৰ নামত অধিক সময় অপব্যয় নহ'ব। বিমানৰ টিকটৰ অত্যাধিক ভাড়া দিবলগীয়া নহয়। শিক্ষাৰ্থী,ৰোগী, ব্যৱসায়ী,পৰ্যটন উদ্যোগৰো যথেষ্ট সকাহ হ'ব। সেয়েহে মন্ত্ৰীগৰাকীক বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰবলৈ টানি অনুৰোধ জনাইছিল। সাংসদ গৌৰৱ গগৈৰ প্ৰত্ৰৰ সহাৰি দি শুকুৰবাৰে অসামৰিক পৰিবহন মন্ত্ৰীগৰাকীয়ে প্ৰত্ৰযোগে জনাই যে অক্টোবৰ মাহৰ পৰা পুনৰ যোৰহাট-দিল্লীৰ মাজত spicejetৰ পোনপতীয়া বিমান সেৱা আৰম্ভ কৰিব পৰা যাব।
অক্টোবৰৰ পৰা পুনৰ আৰম্ভ হ’ব যোৰহাট-দিল্লীৰ মাজত পোনপটীয়া বিমান সেৱা

0 Comments:
Post a Comment