ৰাজ্যবাসীৰ বাবে সুখবৰ : চৰাইদেউ মৈদামে লাভ কৰিলে বিশ্ব ঐতিহ্যক্ষেত্রৰ স্বীকৃতি



গুৱাহাটী,২৬ জুলাই : ৰাজ্যবাসীৰ বাবে আজিৰ দিনটো ঐতিহাসিক দিন হিচাপে চিহ্নিত হৈ ৰ’ব ইতিহাসৰ পাতত। শুকুৰবাৰে দিনৰ ১০ বজাৰ লগে লগে দিল্লীৰ পৰা আহিল ভাল খবৰটো। দিল্লীত অনুষ্ঠিত ইউনেস্কৰ বৈঠকত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ল বিশ্ব ঐতিহ্যক্ষেত্ৰৰ নাম। প্ৰত্যাশিত ধৰণে বিশ্ব ঐহিত্যক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামত পৰিল ছীল-মোহৰ। বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে আনুষ্ঠানিকভাৱে ইউনেস্কই ঘোষণা কৰিলে চৰাইদেউ মৈদামৰ নাম। কাৰ্যতঃ স্বীকৃতি পালে ৬০০ বছৰীয়া আহোম স্বৰ্গদেউসকলৰ চৰাইদেউত থকা মৈদামে ৷ দেশৰ ৪৩ সংখ্যক ঐতিহ্যক্ষেত্ৰ হিচাপে পৰিগণিত হ'ল চৰাইদেউ মৈদাম। এই খবৰ ৰাজহুৱা হোৱাৰ পাছতে এতিয়া অসম তথা চৰাইদেউত উঠিছে আনন্দৰ লহৰ। আনন্দ প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে বিশ্ব ঐতিহ্যৰ তালিকাত বৰ্তমান ১,১৯৯টা অঞ্চল (তাৰে ৯৩৩ টা সাংস্কৃতিক, ২২৭টা প্ৰাকৃতিক আৰু ৩৯টা মিশ্ৰিত) অন্তৰ্ভুক্ত আছে। ইউনেস্কোৰ সংজ্ঞা অনুসৰি বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে গণ্য কৰিবলৈ হ'লে সেই স্থানটো নিৰ্ধাৰিত কৰি দিয়া ১০ টা বৈশিষ্ট্যৰ যিকোনো এটাত হ'লেও অন্তৰ্ভুক্ত হ'ব লাগিব।সেই অনুসৰিয়েই বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে আহোম ৰাজত্বৰ ঐতিহাসিক চৰাইদেউ মৈদাম। সমগ্ৰ দেশৰ ৫২ টা সাম্ভাব্য স্থানৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমৰ চৰাইদেউ মৈদাম বাছনি কৰিছিল। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০১৪ চনত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্যক্ষেত্ৰৰ বাবে মনোনীত হৈছিল। আহোম জনগোষ্ঠীয় বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষৰ লগতে ৰাজ্যৰ বিভিন্ন মহলে কেবাদশক কাল ধৰি  ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্যথলী হিচাপে ইউনেস্কৰ দ্বাৰা চিনাক্ত কৰোৱাৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাই আহিছিল।ইয়াৰ পাছৰে পৰা সুদীৰ্ঘ এটা দশকৰ অন্তত চৰাইদেউ মৈদামে পালে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি। সম্প্ৰতি প্ৰায় ৯০টা মৈদাম আছে চৰাইদেউ মৈদামত।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment