ৰাজ্যৰ ৪৮খন পৌৰসভাৰ বাবৰ অত্যাধুনিক গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প


গুৱাহাটী,২৪ জুলাই : স্বচ্ছ ভাৰত অভিযান (নগৰীয়া)ৰ অধীনত ৰাজ্যৰ সৰু-বৰ প্ৰতিখন চহৰৰে আৱৰ্জনা সংগ্ৰহ আৰু ব্যৱস্থাপনা পদ্ধতিটোক সু-সংগঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি আছে আৰু অতি সোনকালেই ৰাজ্যৰ কেইবাখনো চহৰত অত্যাধুনিক গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্পৰ কাম-কাজ আনুষ্ঠানিকভাৱে মুকলি কৰা হব। গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্রী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত কার্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে। তেওঁ কয় যে স্বচ্ছ ভাৰত অভিযান (নগৰীয়া), অসমৰ অধীনত হাতত লোৱা এই অভিলাষী প্ৰকল্পৰ প্ৰথম পৰ্যায়ত ৰাজ্যৰ ৪৮খন পৌৰসভাত ৪৮টা গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প স্থাপনৰ বাবে অনুমোদন জনোৱা হৈছে। তাৰ ভিতৰত ১৮খন চহৰত এই প্ৰকল্প নিৰ্মাণৰ কাম-কাজ চলি আছে আৰু বাকী ৩০খন চহৰত প্ৰকল্প স্থাপনৰ বাবে নিবিদা প্ৰক্ৰিয়া বিভিন্ন পৰ্যায়ত আছে। ইতিমধ্যে কাম-কাজ আৰম্ভ হোৱা পৌৰসভাসমূহ হৈছে নলবাৰী, চিলাপথাৰ, বৰপেটাৰোড, চাপৰ, উত্তৰ লখিমপুৰ, ঢেকীয়াজুলি, কোকৰাঝাৰ, বৰপথাৰ, সৰুপথাৰ, গোলাঘাট, মাৰ্ঘেৰিটা, ডুমডুমা, খাৰুপেটীয়া, মংগলদৈ, উত্তৰ গুৱাহাটী, তেজপুৰ, বোকাখাত আৰু শিলচৰ। ইয়াৰে নলবাৰী পৌৰসভাত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ দিশত আগবঢ়াৰ লগতে চিলাপথাৰ, বৰপেটাৰোড, চাপৰ, উত্তৰ লখিমপুৰ আৰু ঢেকীয়াজুলিত ৫০ শতাংশৰো অধিক কাম সম্পূৰ্ণ হৈছে। পৰৱৰ্তী পৰ্যায়ত ৰাজ্যৰ অন্যান্য পৌৰসভাসমূহকো গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্পৰ অধীনত সামৰি লোৱা হব বুলি তেওঁ জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে মন্ত্ৰী সিংহলে কালি খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত ৰাজ্যৰ পৌৰসভাসমূহৰ কাৰ্যবাহী বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁলোকক স্বচ্ছতাৰ দিশটোত সৰ্বোচ্চ গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিয়ে। পোনপ্ৰথমবাৰৰ বাবে অসম নগৰ প্ৰশাসনিক সেৱাৰ অধীনত পৌৰসভাসমূহৰ কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি লাভ কৰা নৱনিযুক্ত বিষয়াসকলক পৰৱৰ্তী এটা বছৰৰ ভিতৰত নিজ নিজ পৌৰসভাসমূহত ১০০ শতাংশ জাৱৰ সংগ্ৰহৰ মাধ্যমেৰে সম্পূৰ্ণ জাৱৰমুক্ত পৌৰ এলেকা হিচাপে গঢ়ি তোলাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈও তেওঁ আহ্বান জনায়। আনহাতে মন্ত্ৰীগৰাকীয়ে আজি জনতা ভৱনত ৰাজ্যৰ কেইবাখনো পৌৰসভাৰ পৌৰপতি তথা উপ পৌৰপতিসকলৰ সৈতেও এক বৈঠকত মিলিত হয়। সংশ্লিষ্ট পৌৰসভাসমূহত স্বচ্ছ ভাৰত অভিযান (নগৰীয়া)ৰ লগতে অন্যান্য উন্নয়নমূলক কাম-কাজ সুচাৰুৰূপে ৰূপায়ণৰ দিশত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিবলৈ তেওঁ পৌৰপতিসকলৰ প্ৰতি আহ্বান জনায়। আজিৰ এই বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ শীৰ্ষ বিষয়াসকলো উপস্থিত আছিল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment