ৰাজ্যৰ শক্তি খণ্ডত বৈদ্যুতিক খুঁটা স্থাপনত দুহেজাৰ কোটি টকাৰ কেলেংকাৰী
লখিমপুৰ,২৩ জুলাই : ৰাজ্যৰ শক্তি খণ্ডৰ অধীনত লখিমপুৰ জিলাত চলি থকা কেন্দ্ৰীয় চৰকাৰৰ দুখন আঁচনিত ব্যাপক অনিয়ম-কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠিছে। নৰ্থ লক্ষীমপুৰ প্ৰেছ ক্লাবত আৰ টি আই কৰ্মী দিলীপ নাথে এখন সংবাদমেল সম্বোধন কৰি কয় যে ৰাজ্যৰ শক্তি বিতৰণ বিভাগত এতিয়া গুজৰাট আৰু কলকাতাৰ দুই বহিৰাগত প্ৰতিষ্ঠানে প্ৰাকঃকলন অনুসৰি কাম নকৰাকৈ বৈদ্যুতিক খুঁটা পোতাৰ নামত প্ৰায় ২ হাজাৰ কোটি টকাৰ কেলেংকাৰি সংঘটিত কৰিছে। সেয়েহে এই বহিৰাগত দুই ঠিকাদাৰী প্ৰতিষ্ঠানৰ লুণ্ঠনৰাজৰ বিষয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীক তদন্তৰ আহ্বান জনাই তেজপুৰ ঢেকিয়াজুলিৰ আৰ টি আই কৰ্মীজনে। অসমত সংঘটিত এই কেলেংকাৰীৰ বিষয়ে অচিৰেই দেশৰ প্ৰধানমন্ত্ৰীকো তেওঁ অৱগত কৰিব বুলি কয়৷ তদুপৰি বহিৰাগত ঠিকাদাৰী প্ৰতিষ্ঠান দুটাই অসমত বৈদ্যুতিক খুঁটা স্থাপনৰ নামত বৃহৎ পেকেজত কামৰ নিৰ্দেশ লৈ তেনে কাম উপ ঠিকাত দি নিজৰ স্থানতে কোম্পানী দুটাই কমিচন লৈ বহি কাম চলাই আহিছে বুলিও নাথে অভিযোগ তোলে৷ এই সন্দৰ্ভত তেওঁ কয় - '২০২১ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা অসমত বিশেষকৈ লক্ষীমপুৰ জিলাত এ আই আই বি (এছিয়ান ইনফ্ৰাক্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংক) আঁচনিৰ অধীনত পশ্চিমবংগ তথা কলকাতাৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে লখিমপুৰত এছ পি-৭৬ ষ্টিল পুল ১৯০ পোতাৰ নতুন সংযোগৰ কামৰ ঠিকা লাভ কৰে৷ তেনেদৰে আৰ ডি এছ এছ আঁচনিত মেচাচ শ্ৰী গোপীকৃষ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড হাইদৰাবাদৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱেও পি এছ আই পুল ৯.৭৫এম পোতাৰ ঠিকা লাভ কৰে৷ এই ঠিকাদাৰী প্ৰতিষ্ঠান দুটাই এতিয়া অসমত পকী বৈদ্যুতিক খুঁটা স্থাপনৰ নামত বৃহৎ কেলেংকাৰি সংঘটিত কৰিছে৷ এ পি ডি চি এলৰ চি জি এম, এ জি এম আদিক হাত কৰি বিজুলী ভৱনৰ পৰাই অনুমোদন কৰা তথা প্ৰাককলন অনুসৰি কাম নকৰাকৈ কোটি কোটি টকা প্ৰতিষ্ঠান দুটাই বিভাগৰ বিষয়াৰ লগত মিলি লুণ্ঠনৰাজ চলাই আহিছে বুলি তেওঁ বিস্ফোৰক অভিযোগ তোলে৷ তেওঁ তথ্য সহ এই কথা সংবাদমেলত স্পষ্ট কৰে যে প্ৰতিটো খুঁটা স্থাপনৰ সময়ত নিৰ্দিষ্ট পৰিমানৰ যি শিল বালি আৰু চিমেণ্ট ব্যৱহাৰ কৰিব লাগে তেনে সামগ্ৰী ব্যৱহাৰ নকৰাকৈ এতিয়া এই খুঁটাসমূহ পুতি থকা হৈছে৷ তেনেদৰে প্ৰতিটো পকী খুঁটাৰ গুৰিত পকী প্লেট স্থাপন কৰিব লাগে যদিও কোনো এটা খুঁটাতে এনে পকী প্লেট স্থাপন কৰা হোৱা নাই৷ আকৌ এ পি ডি চি এলৰ নিয়ম ভংগ কৰি খুঁটা পুতাৰ সময়ত ট্ৰে“ৰে ড্ৰীল মেচিনৰ সহায়ত গাত খান্দি কোম্পানী দুটাই খুঁটা পুতি আহিছে৷ ড্ৰীল মেচিনেৰে খুঁটা পুতিলে ৬ ফুট গভীৰতালৈ ড্ৰীল মেচিনটো নোসোমাই বুলি আৰ টি আই কৰ্মীজনে উল্লেখ কৰে৷ এ পি ডি চি এলৰ নিয়ম অনুসৰি প্ৰতিটো খুঁটা ৬ ফুট গভীৰতালৈ পুতিব লাগে যদিও কোম্পানী দুটাই তেনেদৰে কাম নকৰাত এতিয়া বহু ঠাইত খুঁটা হাউলি পৰিছে বুলি কয়৷ একেদৰে শোণিতপুৰ জিলাত শিল বালি চিমেণ্ট নিদিয়াকৈ পুতা ২৯ খুটা পিছত বিভাগীয় বিষয়াৰ নিৰ্দেশত কোম্পানীটোৱে উভালি পেলাবলৈ বাধ্য হয় বুলিও নাথে অৱগত কৰে৷ এনেদৰে প্ৰতিটো খুটা পুতাৰ নামত প্ৰায়বোৰ জিলাত প্ৰায় ২ হাজাৰ কোটি টকাৰ কেলেংকাৰি সংঘটিত হোৱা বুলি দাবী কৰি এই ক্ষেত্ৰত উচ্ছ পৰ্যায়ৰ তদন্তৰ জৰিয়তে বিভাগীয় বিষয়াই ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি নাথে দাবী জনায়৷ বহিৰাগত দুই কোম্পানীৰ লুণ্ঠনৰাজৰ ঘটনা দেশৰ প্ৰধানমন্ত্ৰীক অৱগত কৰা হ’ব বুলিও সংবাদমেলত আৰ টি আই কৰ্মীজনে কয়৷ তেওঁ আৰু কয় যে এটা খুঁটা স্থাপনৰ সময়ত ১০৫ কিলোগ্ৰাম চিমেণ্ট ২ বস্তা শিল আৰু ৪ বস্তা বালি মিহলি কৰি খুটা সমূহৰ গুৰিত ঢেলাই কৰিব লাগে যদিও কোম্পানী দুটাই অসমত বৈদ্যুতিক খুঁটা স্থাপনৰ নামত বৃহৎ কেলেংকাৰি সংঘটিত কৰি আহিছে৷ এই পৰ্যন্ত লখিমপুৰ জিলাত ২৯ হাজাৰ খুটা পোতা বুলি আৰ টি আই কৰ্মীজনক তথ্য প্ৰদান কৰাৰ বিপৰীতে বন বিভাগে শিল বালিৰ বিনিময়ত কোনোধৰণৰ ৰাজহ নোপোৱ বুলিও তথ্যত প্ৰকাশ।


0 Comments:
Post a Comment