কেন্দ্ৰীয় বাজেট ৰিয়েল ইষ্টেট খণ্ডৰ বাবে আশাব্যঞ্জক : এৰিডা


গুৱাহাটী,২৩ জুলাই : দেশৰ ইতিহাসত অভিলেখ সৃষ্টি কৰি ধাৰাবাহিকভাৱে আজি সপ্তমবাৰৰ বাবে পূৰ্ণাংগ বাজেট দাখিল কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ২০২৪-২৫ বিত্তীয় বৰ্ষৰ এই বাজেটখন নৰেন্দ্ৰ মোডী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট। বিত্তমন্ত্রীয়ে আজি সদনত দাখিল কৰা বাজেটখনক আদৰণি জনাইছে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকছাৰ ডেভল'পাৰ্ছ এছ'চিয়েছন চমুকৈ 'এৰিডা'ই। বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি 'এৰিডা'ৰ সভাপতি পি কে শৰ্মাই কেন্দ্ৰীয় বাজেটক গতিশীল আখ্যা দিয়ে। বাজেটত বিকাশকেন্দ্ৰ হিচাপে গৃহ আৰু নগৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নগৰ ২.০ ৰ অধীনত সামৰি ল'বলগীয়া ১ কোটি নগৰীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে মুখ্য আৱণ্টন আৰু এম এছ এম ই সমৰ্থনে ভাৰতৰ বিকাশ আৰু সকলো অভিযানৰ বাবে গৃহ নিৰ্মাণত সহায় কৰিব। পেৰি নগৰ অঞ্চলৰ অধিক সুশৃংখল বিকাশ, বিদ্যমান চহৰসমূহৰ ব্ৰাউনফিল্ড পুনৰ বিকাশ, পানী যোগানৰ বাবে আৱণ্টন, নৰ্দমা শোধন আৰু ১০০ খন চহৰৰ বাবে গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ লগতে ঘোষণা কৰা পৰিবহন মুখী উন্নয়ন পৰিকল্পনাসমূহ শৰ্মাই আদৰণি জনায়। শৰ্মাই লগতে কয় যে ভাড়াঘৰৰ উৎসাহ আৰু প্ৰস্তাৱিত ষ্টাম্প শুল্ক হ্ৰাস কৰাৰ লগতে দীৰ্ঘম্যাদী মূলধন লাভ কৰ ২০ শতাংশৰ পৰা ১২.৫ শতাংশলৈ হ্ৰাস কৰাটো ৰিয়েল ইষ্টেট বিকাশৰ বাবে ইতিবাচক পদক্ষেপ।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment