অসমৰ লগতে ৯ খন ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি
গুৱাহাটী,২৮ জুলাই : অসমৰ লগতে দেশৰ ৯খন ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি দিয়া হৈছে। অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্যক। পূৰ্বে ছিকিমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। ৰাষ্ট্ৰপতিৰ প্ৰেছ ছেক্ৰেটেৰী অজয় প্ৰসাদ স্বাক্ষৰিত এক পত্ৰযোগে প্ৰকাশ কৰিছে এই তথ্য। ৰাজস্থানৰ নতুন ৰাজ্যপাল হৰিভাও কিষাণৰাও বাগড়ে, তেলেংগানাৰ নতুন ৰাজ্যপাল জিষ্ণু দেৱ বাৰ্মা, ছিকিমৰ নতুন ৰাজ্যপাল ওম প্ৰকাশ মাথুৰ, ঝাৰখণ্ডৰ নতুন ৰাজ্যপাল সন্তোষ কুমাৰ গংগৱাৰ, ছত্তীশগড়ৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিছে অসমৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাক। আনহাতে মেঘালয়ৰ নতুন ৰাজ্যপাল চি এইছ বিজয়শংকৰ, ঝাৰখণ্ডৰ পূৰ্বৰ ৰাজ্যপাল তথা তেলেংগানাৰ অতিৰিক্ত দায়িত্ব থকা চি পি ৰাধাকৃষ্ণনক মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক পঞ্জাৱৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লগতে কেন্দ্ৰীয় শাসিত চণ্ডীগড়ৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে। আনহাতে ছিকিমৰ বৰ্তমানৰ ৰাজ্যপাল তথা অসমৰ নৱ নিযুক্ত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক মণিপুৰৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে। উল্লেখ্য যে পঞ্জাৱৰ ৰাজ্যপাল তথা চণ্ডীগড়ৰ অতিৰিক্ত দায়িত্বত থকা বানোৱাৰীলাল পুৰোহিতে পদত্যাগ কৰিছিল।

0 Comments:
Post a Comment