গুৱাহাটীত ৰাজ্যিক ভিত্তিত 'দেশভক্তি দিৱস'ৰ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা



গুৱাহাটী,২৮ জুলাই : অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত আজি গুৱাহাটীৰ জনতা ভৱনৰ সভাকক্ষত ৰাজ্যিক ভিত্তিত চতুৰ্থবাৰৰ বাবে আয়োজিত 'দেশভক্তি দিৱস'ৰ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে প্ৰথমতে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দেশভক্তি দিৱসৰ মূল অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰী পীযুষ হাজৰীকাই ভাৰতৰ স্বাধীনতা আন্দোলনত অসমক নেতৃত্ব প্ৰদান কৰা দেশভক্ত তৰুণৰাম ফুকনৰ সংগ্ৰাম, দেশপ্ৰেম আৰু ৰাজনৈতিক বিচক্ষণতাৰ ওপৰত আলোকপাত কৰে। মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে যে আহোম সেনানায়ক লাচিত বৰফুকনে যেনেদৰে আগ্ৰাসী মোগলৰ আগ্ৰাসন ৰোধ কৰি অসমৰ স্বাভীমান আৰু ঐতিহ্য ৰক্ষা কৰিছিল তেনেদৰে দূৰদৃষ্টিসম্পন্ন ৰাজনৈতিক চিন্তাধাৰা তথা প্ৰচুৰ বিচক্ষণতাৰে দেশভক্ত তৰুণৰাম ফুকন আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নেতৃত্বত অসম পূৰ্ববংগৰ অধীন হোৱাৰ পৰা ৰক্ষা পৰিছিল । মন্ত্ৰী হাজৰীকাই আৰু কয় যে ৩০ৰ দশকত অসমৰ এচোৱা অতি সংবেদনশীল সময়ত তৰুণ ৰাম ফুকনে ৰাজ্যখনৰ ভৱিষ্যতৰ বাবে দূৰদৰ্শী সিদ্ধান্তৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ১৯৩৭ চনত অসমত বিধানসভা গঠন কৰাৰ পাছত চৈয়দ ছাদুল্লাৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছত অসমক মুছলমান প্ৰধান ৰাজ্যত পৰিণত কৰি পাকিস্তানৰ অন্তৰ্ভুক্ত কৰাৰ বাবে চৈয়দ ছাদুল্লাই কৰা অভিসন্ধিৰ কথা তৰুণ ৰাম ফুকন আৰু গোপীনাথ বৰদলৈৰ দৰে নেতাই দূৰদৰ্শী চিন্তাৰে প্ৰথমৰে পৰাই বুজিছিল আৰু সজোৰে ইয়াৰ বিৰোধ কৰিছিল বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। দেশভক্ত তৰুণৰাম ফুকন আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ দৰে নেতা অসমত নথকাহ’লে চৈয়দ ছাদুল্লাৰ অভিসন্ধি অনুসৰি অসম পাকিস্তানৰ অন্তৰ্ভুক্ত হোৱাৰ লগতে আজি সমগ্ৰ দক্ষিণ পূৱ এচিয়াৰ মানচিত্ৰই হয়তো সলনি হৈ পৰিলেহেঁতেন বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে। আনহাতে বিগত বৰ্ষত জনসংযোগ মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা অনুসৰি এইবাৰ দেশভক্তি দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যিক ভিত্তিত কেইবাটাও পৰ্যায়ত ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। আজিৰ ৰাজ্যিক ভিত্তিত অনুষ্ঠিত অনুষ্ঠানটোত মন্ত্ৰীগৰাকীয়ে ৰচনা প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰষ্কৃত কৰে। ৰচনা প্ৰতিযোগিতাৰ পুৰষ্কাৰপ্ৰাপ্ত শিক্ষাৰ্থীসকলক মন্ত্ৰীগৰাকীয়ে জাতি আৰু দেশৰ প্ৰতি সমৰ্পিত মনোভাৱ আৰু দায়বদ্ধতাৰে কাম কৰি যাবলৈ আহ্বান জনায়। উল্লেখ্য যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ২০২১ বৰ্ষত চৰকাৰ গঠন হোৱাৰ পাচতে কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি ৰাজ্য চৰকাৰে দেশভক্ত তৰুণ ৰাম ফুকন দেৱৰ মৃত্যু তিথি ২৮ জুলাইক দেশভক্তি দিৱস হিচাপে ঘোষণা কৰিছিল আৰু তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত সমগ্ৰ অসমতে এই দিৱস উদযাপন কৰি অহা হৈছে। তথ্য আৰু জনসংযোগৰ সঞ্চালক মানবেন্দ্ৰ দেৱ ৰায়ে আদৰণি ভাষণ প্ৰদান কৰা আৰু আয়ুক্ত সচিব অৰুণা ৰাজৰিয়াই বক্তব্য প্ৰদান কৰা আজিৰ দেশভক্তি দিৱসৰ অনুষ্ঠানত দেশভক্ত তৰুণ ৰাম ফুকন দেৱৰ পৰিয়ালৰ প্ৰতিনিধিসকল ক্ৰমে ৰূপম খাউণ্ড, গৌৰৱ গোস্বামী, কৌশিক ৰাম ফুকন, কুনাল ৰাম ফুকন, স্মৃতাক্ষী গোস্বামী আৰু শোভাংগী ভট্টাচাৰ্যক জনসংযোগ বিভাগৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি দেশভক্ত তৰুণ ৰাম ফুকনৰ পৰিয়ালৰ সদস্য স্মৃতাক্ষী গোস্বামীয়ে দেশভক্তগৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই তেওঁৰ জীৱন আৰু কৰ্মৰাজি সম্পৰ্কত অৱেলাকন কৰে।

সভাত দেশভক্তি দিৱস উপলক্ষে আয়োজিত ৰচনা প্ৰতিযোগিতাত স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিৰ্দ্ধাৰিত 'গ' শাখাত  প্ৰথম পুৰস্কাৰ লাভ কৰা শ্যামন্তিকা মহন্তই এই প্ৰতিযোগিতাৰ মাধ্যমেৰে নতুন প্ৰজন্মই দেশভক্তগৰাকীৰ বিষয়ে জনাৰ সুযোগ লাভ কৰে বুলি উল্লেখ কৰি সংশ্লিষ্ট সকলােকে ধন্যবাদ জ্ঞাপন কৰে। 

আনহাতে আজি পুৱা তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত-সচিব অৰুণা ৰাজ'ৰিয়াই গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া আৰু আন বিভাগীয় বিষয়াৰ উপস্থিতিত ভৰলুমুখৰ দেশভক্ত তৰুণ ৰাম ফুকন উদ্যানত দেশভক্তগৰাকীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি দেশভক্তৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment