লখিমপুৰ,১২ আগষ্ট : লখিমপুৰ জিলা প্ৰশাসন, নাওবৈছা ৰাজহ চক্ৰ বিষযাৰ গুৰুত্বহীনতাৰ পৰিণতিত নাওবৈছা চিলনিবাৰী বনুৱা হাইস্কুল খেলপথাৰত সম্প্ৰতি ব্যাপক বেদখল সংঘটিত হৈছে। প্ৰশাসন, বিদ্যালয় কৰ্তৃপক্ষৰ হেমাহীৰ বাবেই একাংশ লোকে বিদ্যালয়ৰ ভূমি দখল কৰি কৰি গঢ়ি তুলিছে বহু সংখ্যক ব্যৱসায়িক প্ৰতিষ্ঠান আৰু
বিদ্যালয়ৰ খেলপথাৰখন সংকোচন কৰি একাংশ ব্যৱসায়ীয়ে পকী দোকান নিৰ্মান কৰি আগ্ৰাসন অব্যাহত ৰাখিছে। ৰাইজৰ অভিযোগ মতে বেদখলকাৰীয়ে এখন দুখনকৈ ৩০ খনতকৈ অধিক পকী দোকান নিৰ্মান কৰি আগ্ৰাসন অব্যাহত ৰাখিছে। ইয়াৰ উপৰিও দোকানসমূহৰ পৰা ওলোৱা পেলনীয়া সামগ্ৰী বিদ্যালয়ৰ খেলপথাৰৰ মাজত পেলাই এক দুৰ্গন্ধময় পৰিৱেশ সৃষ্টি কৰি আহিছে। সন্ধিয়া হোৱাৰ লগে লগে বিদ্যালয়খনৰ খেলপথাৰত বহি সুৰাৰ আড্ডা গঢ়ি তোলা ঘটনাই ছাত্ৰ ছাত্ৰীৰ অভিভাৱকক চিন্তিত কৰি তুলিছে। দুষ্কৃতিকাৰীয়ে বিদ্যালয়ৰ খেলপথাৰত দৈনিক পেলাই থৈ যায় সুৰাৰ বটল। যাৰ ফলত বহু ছাত্ৰ ছাত্ৰীৰ কেইবাবাৰো ভৰিত সুৰাৰ ভঙা বটলে কাটি চিকিৎসাধীন হব লগা হৈছিল। জানিব পৰা মতে ২০২৩ চনত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী চম্পা বৰাই লখিমপুৰৰ জিলা আয়ুক্তক এই সন্দৰ্ভত অভিযোগ দিয়াত জিলা আয়ুক্তই উচ্ছেদৰ বাবে নাওবৈচা ৰাজহ চক্ৰ বিষয়াক নিৰ্দেশ দিছিল । কিন্তু ৰহস্যজনক ভাবে চক্ৰ বিষয়াই বিষয়টো গাপ দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপত কৰিছে। এই সন্দৰ্ভত স্থানীয় ৰাইজ, অভিভাৱকে বিষয়টোত বৰ্তমানৰ জিলা আয়ুক্তৰ দৃষ্টি কামনা কৰিছে। ইফালে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ বাবে কাতৰ আহ্বান জনাইছে।


0 Comments:
Post a Comment